চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ: বৰ্তমানো বক্স অফিচত অব্যাহত আছে শ্বাহৰুখ খানৰ চিনেমা ‘জৱান’ৰ উপাৰ্জন ৷ চলিত বৰ্ষৰ সৰ্বোচ্চ অ’পেনাৰ ছবি হিচাপে পৰিগণিত হৈছে জৱান । কেৱল ইমানেই নহয়, ছবিখনে বক্স অফিচতো বহু অভিলেখ ভংগ কৰিছে । ভাৰতৰ লগতে বিদেশতো শ্বাহৰুখ খান আৰু নয়নতৰাৰ অভিনীত ছবিখনক দৰ্শকে বহুত মৰম দিছে ।
বক্স অফিচত বহু সৰু-বৰ অভিলেখ ভংগ কৰিছে জৱান ছবিখনে । আনকি জাৰ্মানীৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে জৱান। মালয়েছিয়া, আমেৰিকা আৰু অন্যান্য ঠাইতো ভাল উপাৰ্জন কৰিছে ছবিখনে । শেহতীয়া ছবিখনে গোটেই বিশ্বজুৰি ৯০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল আৰু এতিয়া ৯৫০ কোটি টকাও অতিক্ৰম কৰিছে । অতি সোনকালেই ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ পথত ৷
ছবিখনে ১০০০ কোটিৰ মাইলৰ খুঁটি নিৰ্ধাৰণ কৰাৰ দিশে আগবাঢ়িছে
মাত্ৰ ১৭ দিনতে এটলী কুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে সমগ্ৰ বিশ্বতে ৯৫৩.৯৭ কোটি টকা উপাৰ্জন কৰিছে । শেহতীয়াকৈ কিং খানৰ প্ৰডাকচন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে ইয়াৰ পৰিসংখ্যাৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিছে ৷
‘জৱান’ যি গতিৰে আগবাঢ়িছে সেয়া চালে ক’ব পাৰি যে ছেপ্টেম্বৰৰ শেষলৈকে ই ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব !
এতিয়ালৈকে এই ছবিবোৰে ১০০০ কোটিতকৈও অধিক উপাৰ্জন কৰিছে
দংগল – ২০৫১ কোটি টকা