চিটাৰা ডেস্ক, 31 আগষ্ট: এতিয়া ছ’চিয়েল মিডিয়াত আদিপত্য বিস্তাৰ কৰিছে জৱানৰ ট্ৰেইলাৰে । ৰাখীবন্ধন উপলক্ষে শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জৱানৰ ট্ৰেইলাৰ মুকলি কৰিছে নিৰ্মাতাই । ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ছবিখনৰ পৰা শ্বাহৰুখ খানৰ বহু সংলাপে চৰ্চা লাভ কৰিছে ৷ কিন্তু আটাইতকৈ হাইলাইটেড সংলাপটো হৈছে ছবিখনত ব্যৱহৃত পিতা-পুত্ৰৰ এটা সংলাপ ৷ ট্ৰেইলাৰটোত কিং খানে ব্যৱহাৰ কৰিছে এটা পিতা-পুত্ৰৰ সংলাপ ৷ কিন্তু এই সংলাপটো এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কিং খানৰ পুত্ৰ আৰিয়ান খানৰ সৈতে জড়িত বুলি অভিহিত কৰিছে ৷
ছবিখনৰ নিৰ্মাতাই ইউটিউবত মুকলি কৰা জৱানৰ ট্ৰেইলাৰটো দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। ট্ৰেইলাৰ মুক্তিৰ মাত্ৰ চাৰি ঘন্টাতে 5 মিলিয়ন ভিউজ লাভ কৰিছে ৷ ট্ৰেইলাৰটোত শ্বাহৰুখৰ একচন দৃশ্যই ছবিখনকলৈ অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে ৷ ইফালে ট্ৰেইলাৰত কিছু সংলাপেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা শ্বাহৰুখ খানৰ সংলাপটো আছিল এনেধৰণৰ - ‘বেটে কৌ হাত লাগানে ছে পেহলে বাপ ছে বাত কাৰ । ‘জৱান’ৰ ট্ৰেইলাৰৰ এই বিশেষ সংলাপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ।