চিটাৰা ডেস্ক, 17 জুলাই: পাঠানৰ পিছত জৱান ছবিখনৰ সৈতে ৰক কৰিবলৈ এতিয়া সাজু হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । কিছুদিন পূৰ্বে মুক্তি পোৱা জৱানৰ প্ৰিভিউত অনুৰাগীৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি পোৱা গৈছে । শ্বাহৰুখ খানে ছবিখনৰ বাবে কোনো ধৰণৰ অভাৱ হোৱাটো নিবিচাৰে । সেইবাবেই ইয়াৰ সংগীতৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হৈছে । এই ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটাবলৈ গৈ থকা অনিৰুদ্ধ ৰবিচন্দৰে ছবিখনৰ সংগীতৰ বাবে নিৰ্বাচিত হৈছে । এই ছবিখনৰ বাবেও তেওঁ অতি বৃহৎ মাচুল লৈছে ।
দক্ষিণ চলচ্চিত্ৰ জগতৰ এটা ডাঙৰ নাম অনিৰুদ্ধ ৰবিচন্দৰে ৰজনীকান্তৰ পৰা আৰম্ভ কৰি কমল হাছানলৈকে ছবিৰ বাবে সংগীত দিছে । এতিয়া তেওঁ শ্বাহৰুখ খানৰ ছবি জৱানৰ জৰিয়তে বলীউডত অভিষেক ঘটাব । ইয়াৰ বাবে তেওঁ যিমান টকা পাই আছে, ভাৰতীয় সংগীত পৰিচালকে কোনো এখন ছবিৰ বাবে ইমান টকা লাভ কৰিছে বুলি ক’ব নোৱাৰি ।
যদি খবৰৰ ওপৰত বিশ্বাস কৰা হয়, তেন্তে জৱান ছবিখনৰ বাবে অনিৰুদ্ধই ইমানেই চাৰ্জ লৈছে যে আনকি অস্কাৰ বিজয়ী সংগীত পৰিচালক এ আৰ ৰহমানকো চেৰ পেলাইছে বুলি জানিব পৰা গৈছে ।