চিটাৰা ডেস্ক, ১০ ছেপ্টেম্বৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছে কিং খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’ ৷ ছবিখন মুক্তিৰ লগে লগেই ছবিগৃহত হিট ৰূপে পৰিগণিত হৈছে ৷ কি অনুৰাগী, কি তাৰকা সকলোৱে ছবিখনৰ প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা গৈছে ৷ বক্স অফিচতো প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে । মাত্ৰ দুদিনতে বিশ্বজুৰি ২০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে পাঠানৰ এই সংখ্যা পাৰ কৰিবলৈ সময় লাগিছিল তিনিদিন । আনহাতে গদৰ ২ য়ে ৪ দিনত সংগ্ৰহ কৰিছিল এই ধন ৷
SACNILCৰ প্ৰতিবেদন অনুসৰি তৃতীয় দিনা বক্স অফিচত জৱানে ৭৪.৫ কোটি টকা উপাৰ্জন কৰিছিল । এতিয়া চতুৰ্থ দিনৰ বক্স অফিচ সংগ্ৰহ চৰ্চালৈ আহিছে ৷ প্ৰতিবেদন অনুসৰি চতুৰ্থ দিনটোত অৰ্থাৎ দেওবাৰে ছবিখনে ৮০ কোটি টকা উপাৰ্জন কৰিব পাৰে আৰু যদি তেনেকুৱা হয় তেন্তে ছবিখনে বক্স অফিচত সকলো অভিলেখ ভংগ কৰিব । ইয়াৰ পূৰ্বে কোনো এখন ছবিয়ে এদিনতে ইমান ধন সংগ্ৰহ কৰা নাই।
চাৰিদিনৰ সংগ্ৰহ
- ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল এটলীৰ পৰিচালিত ছবি জৱান। ছবিখনে মুকলিৰ দিনা ভাৰততে উপাৰ্জন কৰিছিল ৭৫ কোটি টকা । এইদৰে ছবিখন হিন্দী চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ ওপেনাৰ হিচাপে পৰিগণিত হৈছে।
- অৱশ্যে প্ৰথম দিনাৰ তুলনাত দ্বিতীয় দিনা বক্স অফিচত জৱানৰ ব্যৱসায় কিছু কমিছে ৷ দ্বিতীয় দিনা ছবিখনে মাত্ৰ ৫৩.২৩ কোটি টকা সংগ্ৰহ কৰিছে ।
- তৃতীয় দিনা পুনৰ গতি লাভ কৰি শ্বাহৰুখ খানৰ ছবিখনে সপ্তাহৰ শেষৰ দিনটোত (শনিবাৰ) ৭৪.৫ কোটি টকাৰ ব্যৱসায় কৰে ।
- চতুৰ্থ দিনা যদি জৱানে ৮০ কোটি টকা উপাৰ্জন কৰে তেন্তে ছবিখনৰ মুঠ সংগ্ৰহ হ’বগৈ ২৮২.৭৩ কোটি টকা।