চিটাৰা ডেস্ক, 9 জুন: এইবাৰ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী জনপ্ৰিয় অভিনেতাৰ পত্নী (Jackie Shroff wife Ayesha Shroff) ৷ হয়, প্ৰৱঞ্চনাৰ বলি হৈছিল জেকী শ্ৰফৰ পত্নী আয়েশা শ্ৰফ। এই সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ। প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে এলান ফাৰ্নাণ্ডেছ নামৰ এজন ব্যক্তিয়ে আয়েশা শ্ৰফক ৫৮ লাখ টকাৰ প্ৰতাৰণা কৰিছে । অভিনেত্ৰীগৰাকীৰ অভিযোগ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে । অভিযুক্তৰ বিৰুদ্ধে আই পি চিৰ কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে গোচৰ। অৱশ্যে এতিয়ালৈকে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা বিষয়টো চৰ্চালৈ অহা নাই (Ayesha Shroff filed case of Cheating)।
আই পি চিৰ এই ধাৰাসমূহৰ অধীনত পঞ্জীয়ন কৰা হয় গোচৰ
জেকী শ্ৰফৰ পত্নী আয়েশাই মুম্বাইৰ ছেইণ্ট ক্ৰুজ থানাত দাখিল কৰিছে এজাহাৰ (Ayesha Shroff) । তেওঁ এলান ফাৰ্নাণ্ডেছ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ ফালৰ পৰা আই পি চি ধাৰা ৪২০ (প্ৰতাৰণা গোচৰ), ৪০৮,৪৬৫ (আৰ্থিক শাস্তি আৰু দুবছৰৰ কাৰাদণ্ড) আৰু ৪৬৮ (প্ৰতাৰণা কৰাৰ পৰিকল্পনা,৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা অধীনত) দাখিল কৰা হৈছে ৷ এয়া ৫৮ লাখ টকাৰ প্ৰতাৰণা গোচৰ (Jackie Shroffs wife Ayesha duped of Rs 58 lakh)।