অসম

assam

Jaane Jaan Promo: কৰীণাৰ ছবি জানে জানৰ প্ৰমো মুকলি, মায়া ডিছুজাৰ ৰূপত কৰীণাৰ বিধ্বংসী ৰূপ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 4:25 PM IST

কৰীনা কাপুৰ, জয়দীপ আৰু বিজয় ভাৰ্মাৰ অভিনীত ছবি জানে জানৰ প্ৰমো মুকলি ৷ কৰীণাই ৰহস্যৰে আবৃত মহিলা মায়া ডিছুজাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে জয়দীপে চুবুৰীয়া নৰেন আৰু বিজয় ভাৰ্মাই মুম্বাই আৰক্ষী বিষয়া কৰণৰ চৰিত্ৰত অভিনয় কৰিছে।

Jaane Jaan promo: Meet Kareena Kapoor's Maya DSouza a single mom, who will do anything to protect her daughter
জানে জানৰ প্ৰমো

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: এইকেইদিন কৰীণা কাপুৰে ব্যস্ত হৈ পৰিছে নিজৰ আগন্তুক ছবি ‘জানে জান’ক লৈ ৷ এই ছবিখনৰ সৈতে অভিনেত্ৰীগৰাকীয়ে অ’টিটিত আত্মপ্ৰকাশ কৰিব । চলিত মাহৰ আৰম্ভণিতে সুজয় ঘোষৰ পৰিচালিত আৰু কৰীণা কাপুৰ, বিজয় ভাৰ্মা আৰু জয়দীপ আহলাৱত অভিনীত জানে জানৰ এটা আকৰ্ষণীয় ট্ৰেইলাৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীয়ে মুকলি কৰিছিল । এতিয়া কৰীণাৰ অ’টিটিত আত্মপ্ৰকাশ কৰা ছবিখনৰ নতুন প্ৰ’ম’ মুকলি কৰিছে নিৰ্মাতাই । কৰীনাই ৰহস্যৰে আবৃত মহিলা মায়া ডিছুজাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে জয়দীপ আৰু বিজয় ভাৰ্মাই চুবুৰীয়া নৰেন আৰু মুম্বাই আৰক্ষী বিষয়া কৰণৰ চৰিত্ৰত অভিনয় কৰিছে।

‘কৰীনা কাপুৰ খানৰ সৈতে কাম কৰাটো এক সন্মানৰ কথা’

শেহতীয়াকৈ নতুন প্ৰ’ম’টো শ্বেয়াৰ কৰি সুজয় ঘোষে টুইট কৰি কয়, “কৰীনা কাপুৰ খানৰ সৈতে কাম কৰাটো কিমান সন্মানৰ কথা আছিল - আন এক স্তৰৰ নিষ্ঠা... জানে জানত তেওঁ মায়া ডিছুজাৰ চৰিত্ৰত অভিনয় কৰিছে। ২১ ছেপ্টেম্বৰ @NetflixIndia ত, dekhna zaroor (নিশ্চয় চাব)।”

২০২২ চনত এই ছবিখনৰ কথা ঘোষণা কৰা হৈছিল

এই প্ৰ’ম’টোত মায়া ডিছুজাৰ জীৱনৰ বিষয়ে দেখুওৱা হৈছে, মায়া ডিছুজাৰ চৰিত্ৰত অভিনয় কৰা কৰীণাই তেওঁ নিজৰ কন্যাক হত্যাৰ তদন্তৰ পৰা বচাবলৈ নিজৰ ওপৰত চাপি লয় সকলো বিপদ ৷ এই চুটি ক্লিপটোত কৰীণাৰ স্কুললৈ যোৱা কন্যাই যাতে বিপদৰ পৰা আঁতৰি থাকে তাৰ বাবে চৰিত্ৰটোৱে অতিৰিক্ত প্ৰচেষ্টা চলোৱাৰ আভাস পোৱা যায় ।

সুজয় ঘোষে লিখা আৰু পৰিচালিত এই ছবিখন নেটফ্লিক্সৰ ২১ ছেপ্টেম্বৰত মুক্তি পাব ৷ ছবিখন কৰীণাৰ ৪৩ সংখ্যক জন্মদিন উপলক্ষে মুক্তি লাভ কৰিব । ২০২২ চনত আনুষ্ঠানিকভাৱে এই ছবিখনৰ ঘোষণা কৰা হৈছিল । ১২ নং ষ্ট্ৰীট এণ্টাৰটেইনমেণ্ট আৰু নৰ্দাৰ্ণ লাইটছ ফিল্মছৰ বেনাৰত ক্ৰছ পিকচাৰ্ছ আৰু বালাজী মোচন পিকচাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে 'জানে জান' । ২০২৩ চনৰ আগষ্ট মাহত নেটফ্লিক্সে মুক্তিৰ তাৰিখৰ লগতে এটা টিজাৰ মুকলি কৰি এই কথাৰ ছবিখনৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক:The Great Indian Family Trailer: বলৰামপুৰৰ ৰজা ভজন কুমাৰ, বিকি কৌশলৰ ছবিৰ ট্ৰেইলাৰে হাঁহিবলৈ বাধ্য কৰাব আপোনাকো, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details