চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ : অসমীয়া ছবিৰ জয়যাত্ৰা ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাটাও সন্মানেৰে বিভূষিত হৈছে অসমীয়া ভাষাৰ চলচ্চিত্ৰ ব্ৰিজ ৷ অতি সোনকালেই দৰ্শকে উপভোগ কৰিব পাৰিব ছবিখন ৷ পূৰাদমে এতিয়া ছবিখনৰ প্ৰচাৰ চলাইছে ব্ৰিজ টীমে ৷ জানো আহক ছবিখনৰ সফলতাৰ বিষয়ে -
2020 চনত 51 সংখ্যাক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) বঁটা লাভ কৰে ছবিখনে । উল্লেখ্য 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰে ব্ৰিজে । IFFI ত বঁটা লাভ কৰা অসমৰ এতিয়ালৈ প্ৰথম খন আৰু একমাত্ৰ চিনেমা ৰূপে পৰিগণিত হৈছে ব্ৰিজ ।
আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত ব্ৰিজ FIPRESCI- ৰ বিচাৰত 2020 চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰতো ব্ৰিজৰ স্থান লাভ । চিনেমা খনৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে ইতিমধ্যেই । পৰিচালক কৃপাল কলিতাই দুটাকৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মানেৰে বিভূষিত হয় । এতিয়ালৈ 19 টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হৈছে ছবিখন । ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত 'ব্ৰিজ' অৱতীৰ্ণ হৈছিল । অহা 30 ছেপ্টেম্বৰত ছবি গৃহত মুক্তি লাভ কৰিব লগীয়া ব্ৰিজ চিনেমা খন ইতিমধ্যে দেশে বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিব সক্ষম হৈছে ।
আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত ব্ৰিজ শেহতীয়াকৈ ৰাছিয়াৰ অ'লিম্পিক চহৰ চ'চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA) ৰাছিয়ান- ব্ৰিটিছ চ'চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান আৰু চিনেমা খনৰ মুখ্য অভিনেত্ৰী শিৱাৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত 'ব্ৰিজ' অৱতীৰ্ণ হৈছিল ।
আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত ব্ৰিজ ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰিজ ইতিমধ্যে 38 তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে । 51 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰিজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান । গ’ল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,16 সংখ্যক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান ব্ৰিজলৈ ৷
কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ব্ৰিজৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই অ'টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান । পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিক্সৰ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান । ব্ৰিজৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ । ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰিজৰ সম্পাদনা কিশোৰ ডেকাৰ আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা । ছবিখনৰ কলা নিৰ্দেশনা দ্বীপেন চুতীয়াৰ । ছাউণ্ড ডিজাইন আৰু মিক্সীঙত আছে অমৃত প্ৰীতম ।
আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত ব্ৰিজ ব্ৰিজৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে শিৱাৰাণী কলিতাই (Assamese film bridge lead role) আনহাতে অনিন্দিতা দাস, গোপমনী গগৈ, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা,সুৰেন মহন্ত, ৰীনা বৰা, ৰোহিনী কুমাৰ ডেকা, দ্বিপেন চুতীয়া, ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস,ৰাজু ভড়ালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভূমিকাত ব্ৰিজত অভিনয় কৰিছে (Assamese film bridge cast) । ছবিখনৰ সহকাৰী পৰিচালক দ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ । বৃহস্পতিবাৰে সন্ধিয়া নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি ছবি খনৰ এনে সফলতা ৰ কথা সদৰি কৰাৰ লগতে মুক্তিৰ দিনটোৰ কথা প্রকাশ কৰে পৰিচালক কৃপাল কলিতাই । সংবাদ মেল খনত অভিনেত্রী শিৱাৰাণী কলিতা, অভিনেতা স্বপ্ননীল নাথ, মাধৱ দাস সহ আন কলা-কুশলীয়ে অংশগ্রহণ কৰে । ছবিখনক আদৰি ল’বলৈ সকলোকে আহ্বান জনায় ব্ৰিজ টীমে ।
লগতে পঢ়ক :Made in Nalbari চাবলৈ 2 ডিচেম্বৰত যাওক ছবি ঘৰলৈ