অসম

assam

ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মাধুৰীলৈ বিশেষ সন্মান, শ্বাহিদেও নিজৰ জোৰদাৰ প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে - ভাৰতীয় ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

IFFI 2023 opening ceremony: সোমবাৰৰ পৰা আৰম্ভ হোৱা ভাৰতীয় ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ত তাৰকাৰ মেলা । এই মহোৎসৱত বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতক এক বিশেষ বঁটাৰে সন্মানিত কৰা হয় ৷

IFFI 2023 opening ceremony: Madhuri Dixit honoured with special recognition award, Shahid Kapoor wooed audience with electrifying performance - watch
IFFI 2023 ৰ মুকলি সভা

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:09 AM IST

চিটাৰা ডেস্ক, 21 নৱেম্বৰ: সোমবাৰৰ পৰা গোৱাত আৰম্ভ হৈছে ভাৰতীয় ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৷ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাখন ৰোমাঞ্চকৰ কৰি তুলে বলীউডৰ প্ৰবীণ অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু অভিনেতা শ্বাহিদ কাপুৰে । অৱশ্যে মঞ্চত উপস্থিত হোৱাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশেষ স্বীকৃতি বঁটাৰে সন্মানিত কৰা হৈছিল মাধুৰীক ।

এই বিশেষ সন্মান লাভ কৰাৰ লগে লগে কৃতজ্ঞতা প্ৰকাশ কৰি মাধুৰীয়ে কয়, "এই বঁটা লাভ কৰি মই গভীৰভাৱে কৃতজ্ঞ । এনে স্বীকৃতিয়ে আমাক সদায় আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত আৰু প্ৰেৰণা দিয়ে ।" ইফালে বঁটা গ্ৰহণ কৰাৰ পিচত মাধুৰীয়ে দেৱদাস চিনেমাৰ ডোলা ৰে ডোলা, আজা নাচলে, অ ৰে পিয়া, ঘৰ মৰে পাৰদেশিয়া আদি আইকনিক গীতত নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক মোহিত কৰে ৷

আনহাতে, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত অভিনেতা শ্বাহিদ কাপুৰেও নিজৰ জোৰদাৰ এণ্ট্ৰিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । শ্বাহিদে নিজৰ চিগনেচাৰ শ্বেগেৰে বাইকত উঠি তেওঁৰ ব্লকবাষ্টাৰ ছবি কবীৰ সিঙৰ বিজিএম, ৱানা ৱাউ ৱাউৰে অনুষ্ঠানটোত এণ্ট্ৰি কৰে । অভিনেতাগৰাকীয়ে নিজৰ ছবিৰ জনপ্ৰিয় তথা হিট গীত মৌজা হি মৌজা, ধাটিং নাচ আৰু শ্বাম ছাণ্ডাৰৰ গীতত মঞ্চত নৃত্য প্ৰদৰ্শন কৰে ৷ অভিনেতাগৰাকীৰ জোৰদাৰ নৃত্য উপভোগ কৰে উপস্থিত থকা দৰ্শকে ।

তদুপৰি ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত পংকজ ত্ৰিপাঠীৰ আগন্তুক ছবি কড়ক সিঙৰ ট্ৰেইলাৰ উন্মোচন কৰাৰ লগতে ছাৰা আলী খানৰ এ ৱতন মেৰে ৱতনৰ মোচন পোষ্টাৰ উন্মোচন কৰা হয় । ইফালে আই এফ এফ আইৰ মুকলি অনুষ্ঠানত উপস্থিত আছিল শ্ৰিয়া সাৰণ, নুশ্ৰত ভাৰুচা, ছাৰা আলী খান, বিজয় সেতুপতি, ছানী দেওল, কৰণ জোহৰ, শ্ৰেয়া ঘোষাল আৰু সুখৱিন্দৰ সিং ৷

লগতে পঢ়ক:মাধুৰী দীক্ষিতলৈ বিশেষ সন্মান, ঘোষণা অনুৰাগ ঠাকুৰৰ

ABOUT THE AUTHOR

...view details