চিটাৰা ডেস্ক 5 মে’: ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক লৈ চলি থকা বিতৰ্কৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এই সন্দৰ্ভত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (The Kerala Story latest news) ৷ ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্যখনত যিকোনো ‘লাভ জেহাদ’ কাণ্ডৰ বিৰুদ্ধে পদক্ষেপ লোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব (Arif Mohammed Khan on The Kerala Story)।
আৰিফ মহম্মদ খানে কয় যে, "মই ছবিখন চোৱা নাই, শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বত থকাসকলে এই কথাটো চাব লাগিব । যদি কেৰালাত লাভ জেহাদৰ কাণ্ড সংঘটিত হৈছে তেন্তে ইয়াৰ বিৰুদ্ধে পদক্ষেপ লোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব ।"
উল্লেখ্য যে, আদা শৰ্মাৰ অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন ৫ মে’ত অৰ্থাৎ আজি ছবিগৃহত মুক্তি পাব (The Kerala Story release date) । কেৰালাৰ যুৱতী-মহিলাসকলক বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰা আৰু উগ্ৰবাদৰ আধাৰত নিৰ্মিত কৰা হৈছে ছবিখন । প্ৰথম অৱস্থাত ইউটিউবত মুক্তি পোৱা ছবিখনৰ টিজাৰত লিখা আছিল "হৃদয়বিদাৰক আৰু আন্ত্ৰিক- কেৰালাৰ ৩২,০০০ মহিলাৰ দুখলগা কাহিনী ৷"