অসম

assam

ETV Bharat / entertainment

Arjun Kapoor: অৰ্জুনে মালাইকা অৰোৰাক জনালে জন্মদিন শুভেচ্ছা, শ্বেয়াৰ কৰিলে ৰোমান্টিক ছবি - মলাইকা অৰোৰাৰ জন্মদিন

আজি মালাইকা অৰোৰাৰ জন্মদিন । প্ৰেমিক অৰ্জুন কাপুৰে তেওঁৰ লেডীক এনেদৰে জনালে জন্মদিনৰ শুভেচ্ছা ৷

hbd-malaika-arora-arjun-kapoor-wishes-his-girlfriend-on-her-birthday-by-sharing-a-romantic-picture
মালাইকা অৰোৰাৰ জন্মদিন

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:48 PM IST

চিটাৰা ডেস্ক, 23 অক্টোবৰ: আজি বলীউডৰ সুন্দৰী মালাইকা অৰোৰাৰ জন্মদিন । ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে লাভ কৰিছে জন্মদিনৰ বহু শুভেচ্ছা বাৰ্তা । কৰীণা কাপুৰ, কৰিশ্মা কাপুৰ, অমৃতা অৰোৰা, শিল্পা শ্বেট্টীকে ধৰি বহু চেলিব্ৰিটিয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে । এতিয়া প্ৰেমিক অৰ্জুন কাপুৰেও নিজৰ প্ৰেমিকাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ অৰ্জুনে প্ৰেমিকাৰ সৈতে এখন ৰোমান্টিক ফটো শ্বেয়াৰ কৰাৰ লগতে এটা মৰমলগা মেছেজো লিখিছে ।

অৰ্জুন কাপুৰৰ পোষ্ট

২৩ অক্টোবৰৰ দিনটো মালাইকাৰ লগতে অৰ্জুন কাপুৰৰ বাবেও অতি বিশেষ দিন । মালাইকাৰ জন্মদিন অতি ধুমধামেৰে উদযাপন কৰিছে অৰ্জুনে । অৰ্জুনে ইনষ্টাগ্ৰামত মালাইকাৰ সৈতে এখন ৰোমান্টিক ফটো শ্বেয়াৰ কৰাৰ লগতে এটা বিশেষ বাৰ্তাও লিখিছে, ‘‘Happy Birthday Baby!!! এই ছবিখন আমাৰ ৷ আপুনি হাঁহি, সুখ, পোহৰ লৈ আনে মোৰ জীৱনলৈ আৰু মই আপোনাৰ সৈতে সদায় থাকিম ।’’

অৰ্জুনৰ এই পোষ্টটোত মালাইকা অৰোৰাৰ প্ৰতিক্ৰিয়া

অৰ্জুন কাপুৰৰ এই পোষ্টটোত মালাইকাই কমেণ্টত লিখিছে, 'লাভ ইউ'। ইফালে আন বহু চেলিব্ৰিটিয়েও এই পোষ্টটোত মালাইকাক শুভেচ্ছা জনাইছে । সঞ্জয় দত্তৰ পত্নী মন্যতাই অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে । অনুৰাগীসকলেও তেওঁলোকৰ প্ৰিয় তাৰকাক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছে ।

অৰ্জুন মালাইকাৰ প্ৰেম কাহিনী

উল্লেখ্য যে, মালাইকা আৰু অৰ্জুনৰ মাজত বহু বছৰ ধৰি সম্পৰ্ক আছে । দুয়োৰে এই প্ৰেম বহু কাৰণত শিৰোনামত থাকে । অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ বয়সৰ পাৰ্থক্য প্ৰায় ১০ বছৰৰ । কোৱা হয় যে মালাইকাৰ আগতে অৰ্জুনে ছলমান খানৰ ভগ্নী অৰ্পিতাৰ সৈতে ডেট কৰিছিল । অৰ্পিতাৰ ঘৰত প্ৰায়ে পাৰ্টিতো অংশ লৈছিল অৰ্জুনে ।

তাতেই অৰ্জুন আৰু মালাইকাৰ লগ হৈছিল আৰু তাৰ পিচত এই সাক্ষাৎ কেতিয়া প্ৰেমলৈ পৰিণত হৈছিল সেয়া কোনেও গম নাপায় । ২০১৬ চনত মালাইকা অৰোৰা আৰু আৰবাজ খানৰ সম্পৰ্কত বিভাজন ঘটি দুয়োৰে বিবাহ বিচ্ছেদ হয় । বিবাহ বিচ্ছেদৰ পিচত ২০১৮ চনৰ ফেশ্বন উইকত একেলগে দেখা গৈছিল মালাইকা আৰু অৰ্জুনক । তেওঁলোকৰ বিবাহৰ খবৰ প্ৰায়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ পায় ৷ কিন্তু বিবাহৰ সন্দৰ্ভত এতিয়ালৈকে অৰ্জুন-মালাইকাই কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক:Salaar: প্ৰভাসৰ জন্মদিনত মুকলি ছালাৰৰ নতুন পোষ্টাৰ

ABOUT THE AUTHOR

...view details