চিটাৰা ডেস্ক, 5 এপ্ৰিল: দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত অভিনেত্ৰী হিচাবে নিজৰ যোগ্যতা প্ৰমাণ কৰা ‘ছামি গাৰ্ল’ ৰশ্মিকা মান্দানাই ২০২২ চনত ‘গুড বাই’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল (Rashmika Mandanna) ৷ ছবিখনত অভিনেত্ৰীগৰাকীক বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা দেখা পোৱা গৈছিল । অভিনয়ৰ উপৰিও ৰশ্মিকা এগৰাকী নৃত্যশিল্পীও । নিজৰ নৃত্যৰ জৰিয়তে এই কথা বহুবাৰ প্ৰমাণ কৰিছে ৰশ্মিকাই (Rashmika Mandanna Birthday) । একে সময়তে ৰশ্মিকাই নিজৰ নৃত্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰায়ে শ্বেয়াৰ কৰি থাকে । গতিকে চাও আহক ২৭ সংখ্যক জন্মদিনত ৰশ্মিকাৰ বিশেষ নৃত্যৰ কিছুমান ভিডিঅ’...
ছামি-ছামি
২০২১ চনত মুক্তি পোৱা ‘পুষ্পা - দ্য ৰাইজ’ৰ জনপ্ৰিয় গীত 'ছামি-ছামি' গীতটিত কণ্ঠদান কৰিছে সুনিধি চৌহানে । এই গীতটিৰ বিটত ৰশ্মিকাই নৃত্য প্ৰদৰ্শন কৰে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰে ছামি-ছামি গীতটি ৷ গীতটিৰ ওপৰত বহু ৰিলো বনোৱা হৈছে। ৰশ্মিকাৰ সৈতে এই গীতটোত নৃত্য প্ৰদৰ্শন কৰা দেখা যায় আল্লু অৰ্জুনক (Happy birthday Rashmika Mandanna)।
টপ টাকাৰ
২০২১ চনত ৰশ্মিকাৰ আন এটি গীত মুকলি হৈছিল ৷ গীতটিৰ নাম, ‘টপ টাকাৰ’। এই গীতটিত কণ্ঠদান কৰিছিল বাদশ্বাহ, উচানা অমিত, য়ুৱান শংকৰ ৰাজা আৰু জোনিতা গান্ধীয়ে । এলবামটোত ৰশ্মিকাৰ সৈতে বাদশ্বাহ, উচানা অমিত, য়ুৱান শংকৰ ৰাজাক চাউথ ষ্টাইলত দেখা গৈছিল (Rashmika mandanna saami saami) ।
ৰঞ্জিতমে - ৱৰিছু (তামিল)