চিটাৰা ডেস্ক, 16 জুন:বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী কেৱল এজন ভাল অভিনেতাই নহয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদো আছিল । মিথুন চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত ‘মৃগয়া’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে ৷ প্ৰথমখন ছবিৰ বাবেই শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল মিথুনে । হিন্দীৰ বাহিৰেও তেওঁ বাংলা, ওড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া আৰু পাঞ্জাবী ভাষাত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে ৷ সম্প্ৰতি মিথুন চক্ৰৱৰ্তীয়ে ৰাজনীতিৰ লগতে পৰিয়ালৰ লগতো নিজৰ সময় অতিবাহিত কৰি আছে ৷ আজি মিথুন চক্ৰৱৰ্তীৰ ৭৩ সংখ্যক জন্মদিন । জন্মদিনৰ এই বিশেষ ক্ষণত তেওঁৰ মুঠ সম্পত্তি আৰু উপাৰ্জনৰ বিষয়ে জানো আহক ।
৩২৭ কোটি টকাৰ সম্পত্তিৰ মালিক মিথুন চক্ৰৱৰ্তী
মিথুন চক্ৰৱৰ্তীৰ মুম্বাই, উটি, কলকাতাৰ দৰে চহৰত বহু সম্পত্তি আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মিথুন চক্ৰৱৰ্তীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪ কোটি মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩২৭ কোটি।
১১৪ টা কুকুৰ আছে মিথুন চক্ৰৱৰ্তীৰ
ডিস্কোৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী কুকুৰ পালনৰ প্ৰতি অতি আকৰ্ষি ত। মুম্বাই আৰু উটিৰ বাংলোত তেওঁৰ প্ৰায় ১১৪ টা কুকুৰ আছে। মুম্বাইৰ মাড আইলেণ্ডত থকা তেওঁৰ বাংলোটোত ৭৬টা কুকুৰ থকাৰ বিপৰীতে উটিত থকা তেওঁৰ বাংলোটোত ৩৮ টা কুকুৰ আছে। উল্লেখ্য যে তেওঁ মুম্বাইত থকা নিজৰ বাংলোটোত কুকুৰৰ বাবেও বিশেষ ঘৰ সাজিছে, য’ত আছে বিলাসী সা-সুবিধা ।
বহু বিলাসী হোটেলৰ মালিক