চিটাৰা ডেস্ক, 2 মাৰ্চ: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰৰ পিচত এইবাৰ পত্নীৰ বিৰুদ্ধে ৰুজু গোচৰ (FIR lodged against Gauri Khan) ৷ তথ্য অনুসৰি জানিব পৰা মতে, ডিজাইনাৰ পত্নী গৌৰী খানৰ বিৰুদ্ধে ৰুজু হৈছে এফ আই আৰ। বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৯ ধাৰা (ফৌজদাৰী আস্থা ভংগ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে (FIR against Shah Rukh Khans wife) ।
ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰে মুম্বাইৰ বাসিন্দা যশৱন্ত শ্বাহে ৷ যশৱন্ত শ্বাহে অভিযোগ দাখিল কৰে যে কোম্পানীটোৱে ৮৬ লাখ টকা লোৱাৰ পিচতো ফ্লেট চমজাই দিয়াত ব্যৰ্থ হৈছে । যিটো কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল গৌৰী ৷ অভিযোগকাৰীয়ে অভিযোগ কৰে যে লক্ষ্ণৌৰ সুশান্ত গলফ চিটিৰ তুলচিয়ানী গলফ ভিউত অৱস্থিত ফ্লেটটো ক্ৰয় কৰিছিল তেওঁ কিন্তু আন কাৰোবাক দি দিয়া হৈছিল ফ্লেটটো ।
গৌৰীৰ উপৰিও তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক অনিল কুমাৰ তুলসিয়ানী আৰু ইয়াৰ সঞ্চালক মহেশ তুলসিয়ানীৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰা হৈছে । বেণ্ডটোৰ এম্বেছাদৰ গৌৰী খান থকাৰ বাবেই ফ্লেটটো ক্ৰয় কৰিছিল বুলি অভিযোগকাৰীয়ে জানিবলৈ দিয়ে (Tulsiyani Construction and Development Limited)।