অসম

assam

ETV Bharat / entertainment

ডাংকি-ছালাৰৰ মাজৰ কোনখন ছবিয়ে মুকলি দিনটোত ভংগ কৰিব উপাৰ্জনৰ অভিলেখ ? বাণিজ্য বিশ্লেষকসকলে কি কয় ? - ডাংকি

Dunki vs Salaar BO collection day 1 : বক্স অফিচত শ্বাহৰুখ খানৰ ডাংকি আৰু প্ৰভাসৰ ছালাৰৰ মাজত সংঘৰ্ষ দেখিবলৈ পোৱা যাব । একে সময়তে বাণিজ্য বিশ্লেষকসকলে এই দুখন ছবিৰ মুকলি সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰিবলৈ আৰম্ভ কৰিছে । গতিকে চাও আহক বাণিজ্য বিশ্লেষকসকলৰ এই দুখন ছবিক লৈ কৰা ভৱিষ্যদ্বাণী ৷

Dunki vs Salaar advance booking box office collection day 1: Prabhas' actioner edges over Shah Rukh Khan's comedy drama in pre-sales
ডাংকি বনাম ছালাৰ বক্স অফিচ সংগ্ৰহৰ প্ৰথম দিনটোৰ ভৱিষ্যদ্বাণী

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 1:34 PM IST

চিটাৰা ডেস্ক, ২০ ডিচেম্বৰ: বছৰৰ শেষত আকৌ এবাৰ বক্স অফিচত দুখন ডাঙৰ ছবিৰ মাজত ব্যাপক প্ৰতিযোগিতা হোৱা দেখা যাব । আচলতে শ্বাহৰুখ খানৰ ‘ডাংকি’ আৰু প্ৰভাসৰ ‘ছালাৰ’ এদিনৰ ব্যৱধানত মুক্তি লাভ কৰিব । সম্প্ৰতি দুয়োখন ছবিৰে উন্মাদনা দেখা গৈছে অনুৰাগীৰ মাজত আৰু ইয়াৰ লগতে ‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিঙো আৰম্ভ হৈছে । এই সকলোবোৰৰ মাজতে বাণিজ্য বিশ্লেষকসকলেও দুয়োখন ছবিৰ বক্স অফিচ সংগ্ৰহৰ বিষয়ে ভৱিষ্যদ্বাণী কৰাত ব্যস্ত হৈ পৰিছে । বাণিজ্য বিশ্লেষকৰ মতে কোনখন ছবিয়ে প্ৰথম দিনাই উপাৰ্জনৰ অভিলেখ ভংগ কৰিব জানো আহক এই প্ৰতিবেদনত ।

‘ডাংকি’ আৰু ‘ছালাৰ’ৰ ভিতৰত কোনখন ছবিৰ বাম্পাৰ ওপেনিং কৰিব ?

ডাংকি আৰু ছালাৰৰ বাবে বৃহৎ সংখ্যক লোকে অগ্ৰিম বুকিং কৰা দেখা গৈছে । Sacknilk ৰ প্ৰতিবেদন অনুসৰি মুকলি দিনটোৰ বাবে এতিয়ালৈকে ডাংকিৰ ৩ লাখৰো অধিক টিকট বিক্ৰী হৈছে আৰু মুক্তিৰ পূৰ্বেই ১০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে । একে সময়তে প্ৰশান্ত নীলৰ 'ছালাৰ' ছবিখনে ৬ লাখৰো অধিক টিকট বিক্ৰী কৰি ১৬ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে । বৰ্তমান প্ৰভাসৰ 'ছালাৰ' ছবিখন অগ্ৰিম বুকিঙত শ্বাহৰুখৰ ‘ডাংকি’তকৈ বহুগুণে আগবাঢ়ি আছে ।

এই সকলোবোৰৰ মাজতে প্ৰযোজক তথা চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক গিৰীশ জোহৰীয়ে দুয়োখন ছবিৰ প্ৰথম দিনৰ উপাৰ্জনৰ ভৱিষ্যদ্বাণী কৰিছে যে বৃহস্পতিবাৰে ডাংকিয়ে ৩৫ৰ পৰা ৪০ কোটি টকাত মুকলি কৰিব আৰু শুকুৰবাৰে ছালাৰে ২৫ কোটিতকৈ অধিক টকা উপাৰ্জনৰে মুকলি কৰিব ।

‘ডাংকি’ আৰু ‘ছালাৰ’ দুয়োখনেই বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব পাৰে

গিৰীশ জোহৰীয়ে কয়, ‘‘শ্বাহৰুখ খানৰ ‘ডাংকি’ আৰু প্ৰভাসৰ ‘ছালাৰ’ দুয়োখন ছবিৰ উন্মাদনা দেখা পোৱা গৈছে । মোৰ বিশ্বাস যে, এয়া বাৰ্বেনহাইমাৰৰ দৰে পৰিস্থিতি হ’ব পাৰে, য’ত দুয়োখন ছবিয়েই ভাল প্ৰদৰ্শন কৰে । ভাল কথাটো হ’ল দুয়োখন ছবিৰ টাৰ্গেট অডিয়েন্স আৰু ভৌগোলিক এলেকা বেলেগ বেলেগ । ‘ছালাৰ’ত একশ্যন বহুত আছে আৰু দক্ষিণত এই ছবিখনক বহুত ভাল পোৱাৰ আশা কৰা হৈছে । আনহাতে, ডাংকি মেট্ৰ’ আৰ্বানত ভাল পোৱা এখন ছবি । গতিকে দুয়োখন ছবিয়ে ভাল ফলাফল দেখুৱাব পাৰে ৷ "

গিৰীশ জোহৰীয়ে লগতে কয়, ‘‘হয়, এটা সুযোগ আছে, যদি দুয়োখন ছবি ভাল হয়, তেন্তে দুয়োখন ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব পাৰে । এই দুখন ছবিৰ সৈতে ২০২৩ চনটো ডাবল বোনান্সাৰ সৈতে শেষ হ’ব বুলি আশা কৰিছোঁ ।’’

অতুল মোহনে ৫০ কোটি টকাত ডাংকি মুকলি হ’ব বুলি দাবী কৰিছে

‘ডাংকি’ৰ ঐতিহাসিক মুকলিৰ দাবী কৰিছে বাণিজ্য বিশ্লেষক অতুল মোহনে । অতুলে কয়, “ইয়াৰ মুকলি ৫০ কোটি টকা হ’ব পাৰে । অগ্ৰিম বুকিঙৰ ট্ৰেণ্ড খুব ভাল । মুখ্য চৰিত্ৰত শ্বাহৰুখ খান আৰু ইয়াৰ বাহিৰেও ৰাজকুমাৰ হিৰানী পৰিচালক । পাঠান আৰু জৱানৰ পিচত শ্বাহৰুখ খান সম্পূৰ্ণ বেলেগ স্তৰত আছে ।’’

লগতে তেওঁ কয়, ‘‘ৰাজকুমাৰ হিৰানীৰ কথা ক’বলৈ গ’লে তেওঁৰ ছবিৰ ব্যৱসায় সদায় তেওঁৰ পূৰ্বৰ ছবিতকৈ বেছি হয় । মুন্না ভাই এমবিবিএছ (২০০৩)তকৈ লাগে ৰাহো মুন্না ভাই (২০০৬) ছবিখনে অধিক সংগ্ৰহ কৰিছে । ৩ ইডিয়টছ (২০০৯) য়ে লগে ৰাহো মুন্না ভাইতকৈ বহুগুণ বেছি উপাৰ্জন কৰিছে । পি কে (২০১৪)-এ ৩ ইডিয়টৰ অভিলেখ ভংগ কৰিছে । সঞ্জুৱে (২০১৮)ও পি কেতকৈ অধিক ধন উপাৰ্জন কৰিছে ।’’

'ডাংকি'- 'ছালাৰ'ৰ তাৰকা

ডাংকিৰ অভিনেতাৰ কথা ক’বলৈ গ’লে শ্বাহৰুখ খানৰ উপৰিও তাপসী পান্নু, বিকি কৌশল আৰু বোমন ইৰাণীয়ে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই ছবিখন অহা ২১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাব । আনহাতে প্ৰশান্ত নীলৰ পৰিচালনাত নিৰ্মিত ছালাৰত প্ৰভাসৰ উপৰিও শ্ৰুতি হাছান, পৃথ্বীৰাজ সুকুমাৰনকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

লগতে পঢ়ক:পূৰ্ণগতিত বিক্ৰী হৈছে ডাংকিৰ টিকট, অগ্ৰিম বুকিঙত কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ABOUT THE AUTHOR

...view details