অসম

assam

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 4:19 PM IST

ETV Bharat / entertainment

ডাংকিৰ নতুন গীত চল ৱে ৱতনা মুকলি

Dunki Drop 8 Chal Ve Watna Song Out: ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত Dunki ৰ মুক্তিৰ দুসপ্তাহ হ’ল । বক্স অফিচত ছবিখনৰ গতি লেহেমীয়া হৈ আছে । এনে পৰিস্থিতিত নিৰ্মাতাই মুকলি কৰিলে ডাংকিৰ ড্ৰপ ৮ৰ নতুন গীত চল ৱে ৱতনা ।

Dunki drop 8: Shah Rukh Khan unveils Chal Ve Watna song from Rajkumar Hirani directorial
চল ৱে ৱতনা মুকলি

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: শ্বাহৰুখ খান আৰু তাপসী পান্নু অভিনীত ছবি ‘ডাংকি’ৰ বক্স অফিচ উপাৰ্জন ক্ৰমাগতভাৱে হ্ৰাস পাইছে । আৱেগিক, কমেডী আৰু নাটকেৰে ভৰা এই ছবিখনে ছবিগৃহত দৰ্শকক আকৰ্ষণ কৰাত কিছু পৰিমাণে ব্যৰ্থ হৈছে ৷ ব্যৰ্থ এই কাৰণেই, কিয়নো ডাংকিৰ পূৰ্বে ৰিলিজ হোৱা শ্বাহৰখ খানৰ পাঠান আৰু জৱান বক্স অফিচত ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছিল ৷ কিন্তু এই দুখন ছবিৰ তুলনাত বক্স অফিচত তেনে উপাৰ্জন কৰিব পৰা নাই ডাংকিয় । ছবিখনে সমালোচক আৰু দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে ।

ইয়াৰ মাজতে এতিয়া এই ছবিখনৰ আন এটি নতুন গীত ‘চল ভে ৱতনা’ মুক্তি লাভ কৰিছে । শ্বাহৰুখে এই গীতটোৰ এটা ভিডিঅ’ নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

'ডাংকি'ৰ নতুন গীত মুকলি

সকলোৱে আগ্ৰহেৰে বাট চাই আছিল শ্বাহৰুখৰ এই চিনেমাখনলৈ । এতিয়া ছবিখন ছবিগৃহত মুক্তি পোৱাৰ দুসপ্তাহ হ’ল । একে সময়তে কেৱল ছবিখনেই নহয়, ইয়াৰ গীতবোৰো ৰাইজে ভাল পাইছে । এনে পৰিস্থিতিত ৰাইজৰ উত্তেজনা আৰু অধিক বৃদ্ধিৰ বাবে ইয়াৰ নতুন গীত ‘চল ভে ৱতনা’ মুকলি কৰা হৈছে ।

কিং খানেও নিজৰ ছ’চিয়েল মিডিয়াত এই গীতটো শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি শ্বাহৰুখে লিখিছে, ‘‘নিজৰ মাটি, নিজৰ দেশখন যেনেকুৱাই নহওক কিয়, আমাৰ বাবে ই ঘৰৰ দৰে । যেতিয়া কোনোবাই নিজৰ দেশখন এৰি অন্য এখন দেশলৈ যায়, তেতিয়া তেওঁলোকৰ হৃদয়েও হয়তো একেধৰণৰে গীত গায় । চল ভে ৱতনা, ফিৰ মিলেংগে ।’’ ইয়াৰ লগতে শ্বাহৰুখে গীতটোৰ গায়ক-লেখকক ধন্যবাদ জনাই লিখিছে, ‘‘এই সুৰীয়া উপহাৰৰ বাবে মই অতিশয় কৃতজ্ঞ, এতিয়া এইটো আপোনালোকৰ হৈ গ’ল ।’’

জাভেদ আলীয়ে কণ্ঠদান কৰিছে

'চল ভে ৱতনা' গীতটিত কণ্ঠদান কৰিছে জাভেদ আলীয়ে । ইয়াত অভিনয় কৰিছে শ্বাহৰুখ খান, তাপসী পান্নু আৰু বৰুণ গ্ৰ’ভাৰে । আন এখন দেশলৈ যোৱাৰ সময়ত আৱেগিকভাৱে নিজৰ মাতৃভূমিৰ পৰা বিদায় লোৱা ভাৰতীয়ৰ আধাৰত এই গীতটি ৰচনা কৰা হৈছে ।

লগতে পঢ়ক:মাতৃ হ’বলৈ ওলাইছে দক্ষিণৰ অভিনেত্ৰী অমলা পল, বেবী বাম্প প্ৰদৰ্শন কৰি অনুৰাগীক দিলে এই সুখবৰ

ABOUT THE AUTHOR

...view details