চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ :শ্বাহৰুখ খান আৰু তাপসী পান্নু অভিনীত ছবি ‘ডাংকি’ বক্স অফিচত মুটামুটি ভাল প্ৰদৰ্শন আগবঢ়াইছে । পাৰিবাৰিক কমেডী নাটক ছবিখনে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । অৱশ্যে প্ৰভাসৰ ‘ছালাৰ’ৰ সন্মুখত এই ছবিখন কিছু ঠাণ্ডা পৰিছে । কেৱল ইমানেই নহয়, এই বৰ্ষৰ শ্বাহৰুখ খানৰ দুখন ডাঙৰ ব্লকবাষ্টাৰ ছবি পাঠান আৰু জৱানতকৈও কম উপাৰ্জন কৰিছে এই ছবিখনে । জানো আহক 'ডাংকি' মুক্তিৰ ৭ দিনত বক্স অফিচত কিমান কোটি টকা উপাৰ্জন কৰিছে ৷
মুক্তিৰ ৭ দিনত কিমান উপাৰ্জন কৰিছে ‘ডাংকিয়ে’ ?
বক্স অফিচত প্ৰভাসৰ ছবি ছালাৰৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে ‘ডাংকি’ । ছালাৰে ব্যাপক ধন উপাৰ্জন কৰাৰ বিপৰীতে শ্বাহৰুখ খানৰ ছবিখন সংগ্ৰহৰ ক্ষেত্ৰত প্ৰভাসৰ ছবিতকৈ বহুগুণে পিচ পৰি আছে । অৱশ্যে মুক্তিৰ ৭ দিনত ঘৰুৱা বক্স অফিচত ‘ডাংকি’এ ১০০ কোটিৰো অধিক ধন উপাৰ্জন কৰিছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘ডাংকি’এ প্ৰথম দিনাই ২৯.২ কোটি, দ্বিতীয় দিনা ২০.১২ কোটি, তৃতীয় দিনা ২৫.৬১ কোটি, চতুৰ্থ দিনত ৩০.৭ কোটি, পঞ্চম দিনত ২৪.৩২ কোটি টকা সংগ্ৰহ কৰিছে আৰু ষষ্ঠ দিনা ১১.৫৬ কোটি টকা । এতিয়া এই ছবিখনৰ সপ্তম দিনা অৰ্থাৎ বুধবাৰৰ উপাৰ্জন পোহৰলৈ আহিছে ।
- Sacknilk ৰ ৰিপ’ৰ্ট অনুসৰি ‘ডাংকি’ মুক্তিৰ সপ্তম দিনা অৰ্থাৎ বুধবাৰে ৯.৭৫ কোটি টকা আয় কৰিছে ।
- ইয়াৰ লগে লগে ভাৰতত ‘ডাংকি’ৰ সাত দিনৰ মুঠ উপাৰ্জন হৈছেগৈ ১৫১.২৬ কোটি টকা ।
বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ‘ডাংকি’এ ?