অসম

assam

By

Published : Apr 27, 2022, 4:16 PM IST

ETV Bharat / entertainment

Dhanush latest updates: দ্য গ্ৰে’ মেন ছবিখনেৰে হলীউডত আত্মপ্ৰকাশ কৰিব ধনুষে

শীঘ্ৰেই হলীউডত দেখা পোৱা যাব দক্ষিণৰ চুপাৰষ্টাৰ ধনুষক ৷ ধনুষে আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা হলীউডৰ ছবি দ্য গ্ৰে’ মেনত ধনুষৰ প্ৰথমটো লুক দেখিবলৈ পোৱা গৈছে (Dhanush latest updates)। ৩৮ বছৰীয়া অভিনেতাজনক দেখা পোৱা গৈছে এক্সন মুডত (Dhanush debut hollywood movie) । এক্সন-থ্ৰিলাৰ পটভূমিত নিৰ্মাণ হ’ব লগীয়া ছবিখন 22 জুলাইৰ পৰা নেটফ্লিক্সত প্ৰচাৰিত হ'ব ।

Dhanush
হলীউডত আত্মপ্ৰকাশ কৰিব ধনুষে

চিটৰা ডেস্ক, 27 এপ্ৰিল:ষ্ট্ৰীমিং প্লেটফৰ্ম নেটফ্লিক্সে মঙলবাৰে এন্থনী আৰু জো ৰুচোৰ দ্বাৰা পৰিচালিত ছবি দ্য গ্ৰে’ মেনত অভিনেতা ধনুষৰ প্ৰথমটো লুক শ্বেয়াৰ কৰে ৷ এই ছবিখনেৰে হলীউড আত্মপ্ৰকাশ কৰিব ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাজনে (Dhanush debut hollywood movie )।

নেটফ্লিক্স ইণ্ডিয়াৰ অফিচিয়েল টুইটাৰ একাউণ্টে এখন ফটো শ্বেয়াৰ কৰিছে য'ত ৩৮ বছৰীয়া অভিনেতাজনক এখন গাড়ীৰ ওপৰত এক্সন মুডত দেখা গৈছে ৷ মুখত তেজৰ সৈতে তীব্ৰ দৃষ্টি দেখা গৈছে ধনুষৰ ।

মাৰ্ক গ্ৰেনিৰ একে নামৰ উপন্যাসৰ পটভূমিত দ্য গ্ৰে’ মেনক এখন এক্সন-থ্ৰিলাৰ ছবি হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে (Dhanush hollywood debut movie name)। 2009 চনত উপন্যাসখন প্ৰকাশ হৈছিল ৷

নিৰ্মাতাসকলে কাৰমাইকেলৰ চৰিত্ৰত অভিনয় কৰা ইভান্স, গছলিং, ডি আৰ্মাছ আৰু পেজৰ লুকো প্ৰকাশ কৰে । ২২ জুলাইৰ পৰা নেটফ্লিক্সত ছবিখন প্ৰচাৰ হোৱাৰ কথা ঘোষণা কৰে ।

এক সাক্ষাৎকাৰত ধনুষে কৈছিল যে তেওঁ দ্য গ্ৰে মেনত কাম কৰিবলৈ পাই সুখী হৈছে ৷ লগতে আৰু কৈছিল যে ৰুচো ভাতৃসকলৰ তেওঁ বহুত কথা শিকিবলৈ পাইছে । তেওঁক শেষবাৰৰ বাবে ২০২২ চনৰ তামিল এক্সন ছবি মাৰাণত দেখা গৈছিল ।

লগতে পঢ়ক:Cannes 2022 : বিচাৰকৰ আসনত বলীউড ডিভা দীপিকা পাডুকন

ABOUT THE AUTHOR

...view details