চিটাৰা ডেস্ক, ৪ জানুৱাৰী: দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক বলীউডৰ জনপ্ৰিয় আৰু মৰমলগা দম্পতী হিচাপে গণ্য কৰা হয় । অনুৰাগীসকলেও এই যুটিটোক খুব ভাল পায় । ২০১৮ চনৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীৰ বিয়াৰ পাঁচ বছৰতকৈও অধিক সময় হ’ল ৷ এতিয়া অনুৰাগীসকলে অপেক্ষা কৰিছে দীপিকা আৰু ৰণবীৰৰ ঘৰত কেতিয়া আহিব নতুন আলহী ৷ কিন্তু এতিয়া যেন অতি সোনকালেই অন্ত পৰিব অনুৰাগীৰ এই অপেক্ষাৰ ৷ হয়, দীপিকাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ এতিয়া ৰণবীৰৰ সৈতে সন্তানৰ পৰিকল্পনাৰ কথা চিন্তা-চৰ্চা কৰিছে ।
ৰণবীৰ সিঙৰ সৈতে পৰিয়াল পৰিকল্পনা কৰিছে নেকি দীপিকা পাডুকনে ?
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দীপিকা পাডুকনে কয় যে, ৰণবীৰ আৰু মই শিশুক ভাল পাওঁ । আমি সেইদিনালৈ অপেক্ষা কৰি আছো যেতিয়া আমি পৰিয়াল কল্পনা কৰিম । অভিনেত্ৰীগৰাকীয়ে কয়, "মই একেলগে ডাঙৰ হোৱা মানুহবোৰক যেতিয়া লগ পাওঁ, পেহী, খুড়া, পৰিয়ালৰ বন্ধু-বান্ধৱীক সকলোৱে কয় মই অলপো সাল-সলনি হোৱা নাই ৷ এয়া মোৰ মা-দেউতাই দিয়া সংস্কাৰ ।"