অসম

assam

ETV Bharat / entertainment

Deepika Padukone updates: প্ৰজেক্ট কে ৰ শ্বুটিঙৰ মাজতে হাস্পতাল পালেগৈ দীপিকা পাডুকন

প্ৰজেক্ট কেৰ দৃশ্যগ্ৰহণৰ সময়ত অস্থিৰতাত ভোগা দীপিকা পাডুকনক ততাতৈয়াকৈ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ হায়দৰাবাদত দীপিকা প্ৰজেক্ট কেৰ দৃশ্যগ্ৰহণত ব্য়স্ত হৈ আছে (Deepika Padukone updates) ৷ সুস্থ হৈ উঠাৰ পিছত অমিতাভ বচ্চনৰ সৈতে পুনৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতে দীপিকা ৷

Deepika Padukone
শ্বুটিঙৰ মাজতে হাস্পতাল পালেগৈ দীপিকা পাডুকন

By

Published : Jun 15, 2022, 10:12 AM IST

চিটাৰা ডেস্ক, 15 জুন : বলীউড ডিভা দীপিকা পাডুকন তেওঁৰ নতুন ছবি 'প্ৰজেক্ট কে'ৰ দৃশ্যগ্ৰহণৰ বাবে বৰ্তমান হায়দৰাবাদত আছে । বহু প্ৰতীক্ষিত চলচ্চিত্ৰখনৰ ছেটৰ পৰা আহিছে এক দুখঃজনক খবৰ ৷ ছবিখনৰ মুখ্য নায়িকা দীপিকাই শ্বুটিঙৰ মাজতে কিছু শাৰিৰীক অস্থিৰতাত ভোগে (Deepika Padukone new project) ৷ তাৎক্ষণিকভাৱে অভিনেত্ৰীগৰাকীক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় ।

মঙলবাৰে দৃশ্যগ্ৰহণৰ সময়ত দীপিকাৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ লগে লগে ছবিখনৰ টীমটো চিন্তিত হৈ পৰে ৷ তথ্য অনুসৰি, অস্বস্তিকৰ আৰু অনিয়মীয়া হৃদস্পন্দন অনুভৱ কৰাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল দীপিকাক ৷ তাৰ পিছত হৃদস্পন্দন স্বাভাৱিক হৈ পৰাত অমিতাভ বচ্চনৰ সৈতে শ্বুটিং কৰিবলৈ পুনৰ ছেটলৈ উভতিছিল অভিনেত্ৰী গৰাকী (Deepika Padukone latest news) ৷

দীপিকাৰ স্বাস্থ্যৰ বিষয়ে এক আপডেট শ্বেয়াৰ কৰি বাণিজ্য বিশেষজ্ঞ মনোবালা বিজয়াবালানেও নিশ্চিত কৰিছে যে অভিনেত্ৰী গৰাকীয়ে পুনৰ শ্বুটিং আৰম্ভ কৰিছে । আপডেটটো শ্বেয়াৰ কৰি তেওঁ তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছিল, "#DeepikaPadukone এতিয়া সম্পূৰ্ণৰূপে ভালে আছে আৰু #ProjectK ছেটলৈ ঘূৰি আহিছে" ৷

লগতে পঢ়ক:SSR death anniversary: ইঞ্জিনিয়াৰিঙৰ পৰা কেনেকৈ বলীউড পালেগৈ সুশান্ত সিং ৰাজপুত

ABOUT THE AUTHOR

...view details