অসম

assam

By

Published : Nov 1, 2022, 7:33 PM IST

ETV Bharat / entertainment

SRK birthday: শ্বাহৰুখৰ 57 সংখ্যক জন্মদিন উপলক্ষে পুনৰ মুক্তি দিয়া হ’ব DDLJ

বুধবাৰটো শ্বাহৰুখৰ অনুৰাগী সকলৰ বাবে অধিক বিশেষ হ’ব কাৰণ তেওঁৰ আইকনিক ছবি দিলৱালে দুলহানিয়া লে জায়েংগে (ডিডিএলজে) ৰূপালী পৰ্দাত পুনৰ মুক্তি দিয়া হ’ব । 57 সংখ্যক জন্মদিনত এছ আৰ কেৰ প্ৰতি সন্মান জনাবলৈ 2 নৱেম্বৰত বিভিন্ন চিনেমা হলত আদিত্য চোপ্ৰাৰ পৰিচালনাৰ এই ছবিখনৰ বিশেষ প্ৰদৰ্শনী ৰখা হৈছে ।

DDLJ to
বলীউডৰ হিট যুটি

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : বলীউড ষ্টুডিঅ’ যশ ৰাজ ফিল্মছে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি কিং খান শ্বাহৰুখ খানৰ আইকনিক ছবি দিলৱালে দুলহনিয়া লে জায়েংগে তেওঁৰ 57 সংখ্যক জন্মদিনত পুনৰবাৰ দেশজুৰি ছবিগৃহত মুক্তি দিয়া হ’ব ।

প্ৰডাকচন হাউছে এই খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰকাশ কৰে যে বুধবাৰৰ পৰা পিভিআৰ, আইনক্স আৰু চিনেপলিক্স থিয়েটাৰত প্ৰদৰ্শিত হ’ব এই ৰোমাঞ্চৰ ছবিখন । "ডিডিএলজে পুনৰ ৰূপালী পৰ্দালৈ আহি আছে । 2022 ৰ 2 নৱেম্বৰ তাৰিখে ৰাজ আৰু ছিমৰণৰ কিংবদন্তি যাত্ৰাৰ অভিজ্ঞতা পুনৰ লাভ কৰক সমগ্ৰ ভাৰতৰ ছবিগৃহত", পোষ্টটোৰ কেপছনত এইদৰে লিখা আছে ।

সকলোৰে মুখে মুখে ডিডিএলজে বুলি জনাজাত এই ছবিখনে 1995 চনত চলচ্চিত্ৰ নিৰ্মাতা যশ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাৰ পৰিচালনাত মুক্তি লাভ কৰিছিল । ছবিখনত শ্বাহৰুখ খান আৰু কাজলৰ যুটিয়ে সীমাহীন প্ৰশংসা লাভ কৰিছিল ৷ বলীউডৰ আটাইতকৈ ৰোমান্টিক যুটি হিচাপে জনাজাত শ্বাহৰুখ-কাজলৰ যুটি ৷ ছবিখনত অমৃশ পুৰী, ফৰিদা জালাল, অনুপম খেৰ, সতীশ শ্বাহ আৰু হিমানী শিৱপুৰীকে ধৰি কেইবাজনো তাৰকাই অভিনয় কৰিছিল ।

এই ছবিখন মনোৰম ইউৰোপীয় স্থান আৰু পঞ্জাৱৰ সৰিয়হৰ পথাৰ লগতে যতীন-ললিতৰ স্মৰণীয় সুৰত লতা মংগেশকাৰ, উদিত নাৰায়ণ আৰু কুমাৰ চানুৰ কণ্ঠত Tujhe Dekha To, Ho Gaya Hai Tujhko To Pyar Sajna, Ruk Ja O Dil Deewane আদি বিখ্যাত গানৰ বাবেও স্মৰণ কৰা হয় ।

বলীউডৰ হিট যুটি

বুধবাৰে 57 সংখ্যক জন্মদিন উদযাপন কৰিবলগীয়া শ্বাহৰুখক পৰৱৰ্তী সময়ত দেখা যাব যশ ৰাজ ফিল্মছৰ সমৰ্থিত পাঠানত । দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত এই চোৰাংচোৱা থ্ৰিলাৰখন 25 জানুৱাৰীত মুক্তি পাব ।

পাঠানৰ উপৰিও শ্বাহৰুখক এটলীৰ দ্বাৰা পৰিচালিত আৰু নয়নথাৰা আৰু বিজয় সেতুপতি অভিনীত জোৱানৰ লগতে ৰাজকুমাৰ হিৰাণীৰ ডংকিত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক :শ্বাহৰুখৰ জন্মদিনৰ এদিন আগতে ভাৰত পালেহি প্ৰিয়ংকা চোপ্ৰা

ABOUT THE AUTHOR

...view details