চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: শ্বাহৰুখ খানৰ অভিনীত ‘জৱান’ ছবিখন মুক্তিৰ পিচতে দেশ-বিদেশত আলোড়নৰ সৃষ্টি কৰিছে । ঘৰুৱা বক্স অফিচত ৫৫০ কোটিতকৈ অধিক উপাৰ্জন কৰা ছবিখনে এতিয়া ৬০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে । শেহতীয়াকৈ বিশ্বব্যাপি ছবিখনে ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এতিয়া বিশ্বজুৰি হিন্দী চিনেমাৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম হৈ পৰিছে ।
এই বছৰটোত দুটাকৈ ব্লকবাষ্টাৰ ছবি উপহাৰ দিছে শ্বাহৰুখ খানে ৷ বছৰটোৰ আৰম্ভণিতে পাঠান আৰু তাৰ পাচত ‘জৱান’ ৷ এই দুখন ছবি শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে । অৱশ্যে এতিয়া ছবিখনৰ উপাৰ্জন কিছু হ্ৰাস পাইছে । এনে পৰিস্থিতিত নিৰ্মাতাসকলে ছবিগৃহলৈ দৰ্শকক আকৰ্ষণ কৰিবলৈ এক নতুন কৌশল অৱলম্বন কৰিছে আৰু সেয়া হৈছে টিকটত অফাৰ ঘোষণা ।
জৱানৰ টিকটত ডাঙৰ অফাৰ ঘোষণা কৰিছে নিৰ্মাতাই
জৱানৰ উপাৰ্জন হ্ৰাস পোৱা দেখি নিৰ্মাতাই টিকটত ডাঙৰ অফাৰ ঘোষণা কৰিছে । শেহতীয়াকৈ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে ইনষ্টাত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত লিখা আছিল, "ডাবল ধমাকা । একক মূল্য । যেনেকৈ আজাদৰ সৈতে বিক্ৰম ৰাঠোৰ...আপোনাৰ সৈতে এতিয়া আন এজন ব্যক্তিয়ে উপভোগ কৰিব পাৰিব ৷ এটা টিকট ক্ৰয় কৰিলে বিনামূলীয়া হ’ব আনটো টিকট । ১ + ১ টা অফাৰ । আপোনাৰ আপোনজনৰ সৈতে, আপোনাৰ ওচৰৰ ছবিগৃহত - হিন্দী, তামিল আৰু তেলেগু ভাষাত জৱান উপভোগ কৰক ।"