চিটাৰা ডেস্ক, 18 জানুৱাৰী :শ্বাহৰুখ খান আৰু গৌৰী খানৰ বেনাৰত ঘোষণা কৰা হৈছে নতুন ছবি ‘ভক্ষক’ । ইয়াত ভূমি পেডনেকাৰে এগৰাকী তদন্তকাৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে এটা জঘন্য অপৰাধৰ প্ৰকৃত ঘটনা পোহৰলৈ অনাৰ চেষ্টা চলায় ।
ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ গ্লেমাৰাছ পত্নী গৌৰী খানে আজি তেওঁৰ প্ৰডাকচন হাউছ ৰেড চিলিজৰ বেনাৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেওঁৰ নতুন ছবি ভক্ষক । ভক্ষক ছবিখনত ভূমি পেডনেকাৰে এগৰাকী অনুসন্ধানকাৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে । এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ভক্ষক ছবিখন । এই ছবিখনৰ ঘোষণাৰ সমান্তৰালকৈ ইয়াৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে । এই ছবিখন ছবিগৃহলৈ অহাৰ পিচত পোনপটীয়াকৈ অ’টিটিত প্ৰচাৰ কৰা হ’ব । ভক্ষক ছবিখনৰ এটা টিজাৰো মুকলি কৰা হৈছে, য’ত দেখা গৈছে ভূমিয়ে কিদৰে নিজৰ মিছনটো সম্পূৰ্ণ কৰিবলৈ দিন-ৰাতি এক কৰি দিয়ে ।
ভক্ষক ছবিখন এখন অপৰাধমূলক ছবি, যাৰ পৰিচালনাত আছে পুলকিত । গৌৰী খান আৰু গৌৰৱ ভাৰ্মাই প্ৰযোজনা কৰিছে । ৰেড চিলিজৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ভক্ষকৰ তাৰকা অভিনেতাৰ কথা ক’লে ভূমি, সঞ্জয় মিশ্ৰ, আদিত্য শ্ৰীবাস্তৱ আৰু সাই তমনহকৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।