চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে মঙলবাৰে কয় যে তেওঁৰ প্ৰথমটো প্ৰজেক্ট চিৰিজৰ চিত্ৰনাট্য লিখাৰ কাম সম্পূৰ্ণ হৈ উঠিছে । ইয়াৰ পূৰ্বে উৰাবাতৰি প্ৰচাৰ হৈছিল যে আৰিয়ানক কৰণ জোহৰে বলীউডত ব্ৰেক দিব, কিন্তু আৰিয়ানৰ কেমেৰাৰ আঁৰৰ জগতখনৰ প্ৰতিহে অধিক আগ্ৰহ যেন অনুমান হৈছে ।
প্ৰডাকচন হাউছ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ তথ্য অনুসৰি আৰিয়ানে চিৰিজটো পৰিচালনা আৰু প্ৰদৰ্শন কৰিব । আগন্তুক বৰ্ষত এই চিৰিজটো মুক্তি পোৱাৰ সম্ভাৱনা আছে । ইনষ্টাগ্ৰামত আৰিয়ানে লিখিছে, ‘লেখাৰ পৰ্ব শেষ... এক্সন ক’বলৈ ৰৈ থাকিব নোৱাৰিলোঁ’ । আৰিয়ানে পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে চেলেব্ৰিটীসকলে অভিনন্দন বাৰ্তাৰে উপচাই পেলাই তেওঁৰ ইনষ্টাগ্ৰাম ৷ শ্বানায়া কাপুৰৰ পৰা আৰম্ভ কৰি এছ ফেশ্বন ফটোগ্ৰাফাৰ অবিনাশ গোৱাৰিকাৰ, গায়ক গুৰু ৰন্ধাৱালৈকে সকলোৱে খানক শুভকামনা যাচি কয় যে তেওঁলোকে তেওঁৰ অভিষেকৰ বাবে আগ্ৰহী ।