চিটাৰা ডেস্ক, 5 মাৰ্চ: Love Birds মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰক শনিবাৰে প্ৰযোজক ৰিয়া কাপুৰৰ বাসগৃহৰ সমীপত প্ৰত্যক্ষ কৰে পাপাৰাজীয়ে ৷ ৫ মাৰ্চত Veere Di Wedding ছবিখনৰ প্ৰযোজকৰ ৩৫ সংখ্যক জন্মদিন উপলক্ষে নিমন্ত্ৰণ কৰা হৈছিল মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰক ৷ নিমন্ত্ৰণ ৰক্ষা কৰি দুয়ো প্ৰেমিক-প্ৰেমিকাও আহিছিল জন্মদিনৰ পাৰ্টিত (Arjun and Malaika spot near Rhea Kapoors house) ৷
কিন্তু পাৰ্টিত হাঁহি ফূৰ্তিৰে অহাৰ পৰিবৰ্তে দুয়ো Love Birds ক দেখা গৈছিল কিছু অন্য মনস্ক হৈ থকাত ৷ পাৰ্টিত অহাৰ সময়ত পাপাৰাজী দুয়োৰে ফটো আৰু ভিডিঅ’ লৈ ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল ৷ ইয়াৰ পিচতে ছ’চিয়াল মিডিয়াত অনুৰাগীসকলে দুয়োকে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিবলৈ লয় ৷ দুয়োৰে মাজত সকলো ঠিকেই আছে নেকি ? বুলি ছ’চিয়েল মিডিয়াত প্ৰশ্ন কৰে ৷
সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰ একেলগে একেখন বাহনত বহি আছিল যদিও ইগৰাকীয়ে সিগৰাকীৰ লগত একো কথা পতা পৰিলক্ষিত হোৱা নাছিল ৷ দুয়োৰে মাজত ভুল বুজাবুজি হোৱা বুলিও এতিয়া একাংশ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে (Arjun hides his face while Malaika ignores media) ৷
উল্লেখ্য যে, যেন দুয়োৰে মাজত কিবা এটা বেঠিক লাগিছিল । ইফালে ছ’চিয়েল মিজিয়াত পোষ্ট কৰা ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ ভিউজ সংগ্ৰহ কৰিছিল । দুয়ো প্ৰেমিক-প্ৰেমিকাই পাৰ্টিৰ বাবে আহিছিল যদিও আনন্দময় বা সজীৱ মেজাজত থকাৰ পৰিৱৰ্তে দুয়োক কিবা এটাৰ ওপৰত দুখী আৰু বিচলিত যেন লাগিছিল (Arjun Kapoor HIDE FACE from Media) ।
ইফালে পোষ্টটোৰ কমেন্টত বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷ এজন অনুৰাগীয়ে মালাইকা আৰু অৰ্জুনৰ পক্ষ লৈ লিখিছে, "তেওঁলোক ভাগৰুৱা হৈ আছে, বুজিব লাগে । সকলোবোৰ সামৰি ল’ব নালাগে, নহয়নে ? " আন এগৰাকীয়ে লিখিছে "অৰ্জুন আপুনি যদি মালাইকাক সঁচা প্ৰেম কৰে তেন্তে নিজৰ মুখখন কিয় লুকুৱাই ৰাখিছে"। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, " উৰ্ফিৰ সৈতে অৰ্জুনে ফটো তোলাৰ বাবেই হয়তো মালাইকাই কাজিয়া লাগিছে ।" মুঠৰ ওপৰত এনেদৰে বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰে ৷
ভাইৰেল ভিডিঅ'টোত মালাইকাক সৰিয়হৰ ৰঙৰ চাৰ্ট পৰিধান কৰা পৰিলক্ষিত হৈছে । চুলিকোঁচা বান বান্ধি উজ্জ্বল ৰঙা লিপষ্টিকত দেখা গৈছিল মালাইকাক ৷ আনহাতে, অৰ্জুনে নীলা ৰঙৰ জিন্সৰ সৈতে বাদামী ৰঙৰ সম্পূৰ্ণ হাতৰ টি-চাৰ্টৰ সৈতে কেজুৱেল লুক বাছি লৈছিল ।
লগতে পঢ়ক:Vivek Agnihotri : দীপিকাৰ প্ৰশংসা সন্দৰ্ভত ডাবল ষ্টেণ্ডাৰ্ড আখ্যা বিবেক অগ্নিহোত্ৰীক, পৰিচালকৰ প্ৰতিক্ৰিয়া