চিটাৰা ডেস্ক, 6 ফেব্ৰুৱাৰী :ভাৰতলৈ অহাৰ পিছত নোৰা ফাতেহীয়ে প্ৰথমবাৰৰ বাবে যিজন ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল তেওঁ আন কোনো নাছিল, তেওঁ হৈছে বলীউডৰ অভিনেতা অংগদ বেদী । আচৰিত কথাটো হ’ল নোৰা আৰু অংগদ বেদীৰ জন্মদিন একেদিনাই অৰ্থাৎ 6 ফেব্ৰুৱাৰীত দুয়োৱে উদযাপন কৰিছে জন্মদিন (Angad Bedi Birthday) । আজিৰ দিনটোত অংগদে 40 তম (Angad Bedi age) আৰু নোৰাই 31 তম জন্মদিন পালন কৰিছে । নোৰাৰ জন্ম কানাডাত হৈছিল আৰু অংগদৰ জন্ম ৰাজধানী দিল্লীত হৈছিল । অংগদ বেদী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিষাণ সিং বেদীৰ পুত্ৰ । অভিনেত্ৰী নেহা ধুপিয়াক বিয়া কৰোৱাৰ আগতে তেওঁৰ 75 টাকৈ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জনা যায়, যাৰ ভিতৰত আছিল নোৰা ফাতেহীৰ নাম ।
বলীউডলৈ অহাৰ আগতে অংগদে দেউতাকৰ দৰে খেলপথাৰত নিজৰ প্ৰতিভা পৰীক্ষা কৰিছিল আৰু এজন ভাল খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিব বিচাৰিছিল, কিন্তু তেওঁৰ ক্ৰিকেট কেৰিয়াৰ বিশেষ লক্ষণীয় নাছিল । 2004 চনত ‘কয়া তৰণ’ ছবিৰ জৰিয়তে অংগদে বলীউডত অভিষেক ঘটায় । 2011 চনত তেওঁ ‘ফাল্টু’ ছবিত অভিনয় কৰিছিল আৰু তাৰ পিছত 19 বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ হৈ খেলিছিল ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এক সাক্ষাৎকাৰত অংগদৰ পত্নী আৰু মিছ ইণ্ডিয়া (2002) নেহা ধুপিয়াই স্বামী অংগদক 'খেলুৱৈ' বুলি অভিহিত কৰে আৰু তেওঁক সুধিছিল যে তেওঁ কিমান জনী ছোৱালীৰ সৈতে ডেট কৰিছে । এই সন্দৰ্ভত, অংগদে উত্তৰত 75 বুলি কৈছিল । লগতে অংগদে লগতে কৈছিল যে তেওঁ নিজতকৈ বেছি বয়সৰ মহিলা সকলকো ডেট কৰিছিল ।