চিটাৰা ডেস্ক, 7 মে’: বলীউডৰ মেগাষ্টাৰ বিগ বিয়ে প্ৰতি দেওবাৰে নিজা বাসগৃহ জলসাৰ পৰা ওলাই আহি অনুৰাগীক সম্বোধন কৰে (Amitabh Bachchan home Jalsa) । এতিয়া শেহতীয়াকৈ তেওঁ এই কথা প্ৰকাশ কৰিছে, আজি অৰ্থাৎ দেওবাৰে তেওঁ অনুৰাগীক লগ কৰিব নোৱাৰিব । এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে মেগাষ্টাৰগৰাকীয়ে (Amitabh Bachchan warning) ।
কামৰ বাবে আজি অৰ্থাৎ ৭ মে’ত বিগ বিয়ে লগ কৰিব নোৱাৰিব অনুৰাগীক
যোৱা শনিবাৰে নিশা অমিতাভ বচ্চনে নিজৰ ব্যক্তিগত ব্লগত অৱগত কৰিছিল যে, তেওঁ আজি অৰ্থাৎ ৭ মে’ত অনুৰাগীক লগ কৰিবলৈ জলসাৰ পৰা ওলাই আহিব নোৱাৰিব (Big Bs warning)। তেওঁ ব্লগত লিখিছে, কাইলৈ অৰ্থাৎ আজি মই জলসাৰ পৰা ওলাই আহিব নোৱাৰিম । ছবিখনৰ দৃশ্যগ্ৰহণ কৰা স্থানটো কেৱল দেওবাৰে দৃশ্যগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে ।
তেওঁ লগতে কয়, ‘‘সন্ধিয়া ৫:৪৫ বজাৰ ভিতৰত জলছালৈ উভতি যাব পাৰিম, কিন্তু হয়তো দেৰি হৈ যাব পাৰে, গতিকে মই আহিব নোৱাৰিবও পাৰো । সেয়াহে মই ইতিমধ্যে আপোনালোকক জনায় দিব বিচাৰিছো ।’’ বিগ বিয়ে তেওঁক লগ কৰিবলৈ দেওবাৰে জলসালৈ আহি ৰাস্তা বন্ধ নকৰিবলৈও অনুৰোধ জনাইছে ।
১৯৮২ চনৰ পৰা প্ৰতি দেওবাৰে বিগ বিয়ে নিজৰ অনুৰাগীৰ সৈতে মত বিনিময় কৰি আহিছে