অসম

assam

By

Published : May 25, 2022, 1:41 PM IST

ETV Bharat / entertainment

Prithviraj special screening: গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে পৃথ্বীৰাজৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা

মুক্তিৰ পূৰ্বেই ‘পৃথ্বীৰাজ’ উপভোগ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ছবিখনৰ নিৰ্মাতাই মন্ত্ৰীগৰাকীৰ বাবে আয়োজন কৰিছে এক বিশেষ প্ৰদৰ্শনীৰ ব্যস্থা (Prithviraj special screening) ৷

Prithviraj release date
অমিত শ্বাহৰ বাবে ৰখা হৈছে পৃথ্বীৰাজৰ বিশেষ প্ৰদৰ্শনী

চিটাৰা ডেস্ক, 25 মে’ :অক্ষয় কুমাৰ আৰু 2017 বৰ্ষত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা মানুষী চিল্লাৰ অভিনীত ছবি পৃথ্বীৰাজ অহা ৩ জুনত মুক্তিৰ বাবে সাজু হৈছে (Prithviraj release date) । এই ছবিখনেৰেই মানুষীয়ে বলীউডত আত্মপ্ৰকাশ কৰিব (Manushi Chhillar debut film) ৷ ছবিখনৰ মুক্তিৰ পূৰ্বেই এটা বিশেষ প্ৰদৰ্শনী ৰখা হৈছে । দৰাচলতে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে । ছবিখনৰ পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে এই কথা । পৰিচালকজনে উল্লেখ কৰা অনুসৰি অহা ১ জুনত গৃহমন্ত্ৰীৰ বাবে ছবিখনৰ এক বিশেষ প্ৰদৰ্শনী কৰা হ’ব । এই চলচ্চিত্ৰখনত অক্ষয় কুমাৰক পৃথ্বীৰাজৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব (Prithviraj cast) ৷

এক বিবৃতিত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয়, "আমাৰ বাবে এয়া সন্মানৰ বিষয় যে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ ইতিহাসত অমৰ হৈ থকা এজন সাহসী পুত্ৰ সম্ৰাট পৃথ্বীৰাজ চৌহানৰ গৌৰৱময় জীৱনৰ ওপৰত আধাৰিত ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, যিয়ে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল" ৷

অক্ষয় কুমাৰ আৰু 2017 বৰ্ষত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা মানুষী চিল্লাৰ

গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে চলচ্চিত্ৰখন ক'ত প্ৰদৰ্শন কৰা হ’ব সেই বিষয়ে বৰ্তমানেও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । পৃথ্বীৰাজৰ নিৰ্মাতা চন্দ্ৰপ্ৰকাশ দ্বিবেদী ১৯৯১ চনত সম্প্ৰচাৰিত টিভি অনুষ্ঠান 'চাণক্য' আৰু বিভাজনৰ ওপৰত আধাৰিত চলচ্চিত্ৰ 'পিঞ্জাৰ' (২০০৩) পৰিচালনাৰ বাবে জনাজাত ।

মুক্তিৰ পূৰ্বেই বিবাদৰ মাজত পৃথ্বীৰাজ

চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে বৰ্তমানেও এসপ্তাহ বাকী আৰু ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে । দৰাচলতে, ৰাজস্থানৰ গুৰ্জাৰ সম্প্ৰদায়ে 'পৃথ্বীৰাজ'ৰ প্ৰদৰ্শন বন্ধ কৰাৰ ভাবুকি দিছিল আৰু এতিয়া কৰ্নি সেনাই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে (Prithviraj Chauhan movie)।

কৰ্নি সেনাই অক্ষয় কুমাৰ অভিনিত ছবিখনৰ শিৰোনাম সলনি কৰিবলৈকো দাবী জনাইছে । ছবিখনক 'পৃথ্বীৰাজ'ৰ পৰা 'সম্ৰাট পৃথ্বীৰাজ চৌহান' হিচাপে নাম দিবলৈ দাবী জনাইছে কৰ্নি সেনাই (Prithviraj Chauhan) ৷

লগতে পঢ়ক:ৰাজকীয় অৱতাৰত অক্ষয় কুমাৰ আৰু মানুষী চিল্লাৰ-চাওক ফটো

ABOUT THE AUTHOR

...view details