চিটাৰা ডেস্ক, 9 এপ্ৰিল: শেহতীয়াকৈ বলীউডৰ অভিনেতা বৰুণ ধাৱনৰ পত্নী নাতাশা দালালৰ সন্দৰ্ভত এটা খবৰ দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ সেয়া হৈছে নাতাশা দালালৰ অন্তঃসত্বাৰ খবৰ ৷ এই খবৰৰ মাজতে বৰুণ ধাৱন আৰু নাতাশা দালালক নিশাৰ আহাৰ গ্ৰহণৰ বাবে ওলাই অহা দেখা গ’ল (Varun Dhawan Natasha Dalal pregnancy rumours) ।
দৰাচলতে শনিবাৰে মুম্বাইৰ এখন প্ৰজনন চিকিৎসালয়ত দেখা পোৱা গৈছিল এই দম্পতীক ৷ ইয়াৰ পিচতে নাতাশা দালাল অন্তঃসত্বা বুলি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । মুম্বাইৰ খাৰ অঞ্চলৰ ক্লিনিকৰ পৰা ওলাই আহোঁতে এই যুটিটোক প্ৰত্যক্ষ কৰিছিল পাপাৰাজীয়ে (Varun Dhawan wife Natasha Dalal pregnant) ৷
ইফালে দিনৰ ভাগত ক্লিনিকত বৰুণ আৰু নাতাশাক দেখা পোৱাৰ পিচত পুনৰ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ওলাই অহা এই দম্পতী প্ৰত্যক্ষ কৰে পাপাৰাজীয়ে ৷ বৰুণ আৰু তেওঁৰ ফেশ্বন ডিজাইনাৰ পত্নীয়ে বাহনৰ ফালে যোৱাৰ সময়ত কেমেৰাৰ ফালে প্ৰত্যক্ষ কৰি হাঁহিছিল । সম্প্ৰতি বৰুণ আৰু নাতাশাই প্ৰথম সন্তানৰ আশা কৰা বুলি কোৱা হৈছে যদিও বৰ্তমানলৈকে এই খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই বৰুণ আৰু নাতাশাই (Varun Dhawan Natasha Dalal spotted) ।