চিটাৰা ডেস্ক, 13 ফেব্ৰুৱাৰী :পাঠানৰ অপাৰ সফলতাত উপভোগ কৰা বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান এতিয়া তেওঁৰ আগন্তুক ছবি জোৱানৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে । জোৱানৰ তাৰকা কলা-কুশলীৰ ভিতৰত দক্ষিণৰ বহুতো ডাঙৰ তাৰকাৰ নাম শুনিবলৈ পোৱা গৈছে । এই ছবিখনত বলীউড আৰু দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ ডাঙৰ তাৰকাসকলৰ সংমিশ্ৰণ ঘটিব ৷
এটলী কুমাৰৰ নেতৃত্বত নিৰ্মিত জোৱানত মুখ্য চৰিত্ৰত অভিনয় কৰছে তামিল চুপাৰষ্টাৰ বিজয় সেঠুপতি আৰু নয়নতাৰাই । ছবিখনত বিজয়ে শ্বাহৰুখৰ সৈতে অভিনয় কৰা দেখিবলৈ পোৱা যাব (Shah Rukh Khan jawan) ৷ আনহাতে নয়নতাৰাই এগৰাকী তদন্তকাৰী বিষয়াৰ চৰিত্ৰ ৰূপায়ন কৰিছে । আমোদজনক কথাটো হ’ল ছবিখনে শ্বাহৰুখৰ অনুৰাগীৰ বাবে ডাবল্ বোনাঞ্জা আনিব কিয়নো ছবিখনত শ্বাহৰুখৰ ডাবল্ ৰ’ল আছে বুলি জানিব পৰা গৈছে ।
ইতিমধ্যেই কাম আৰম্ভ হোৱা ছবিখনত আৰু এজন জনপ্ৰিয় তাৰকাৰ এণ্ট্ৰি ঘটিছে বুলি খবৰ আহি পৰিছে ৷ সেইজন আন কোনো নহয় পুষ্পা ষ্টাৰ আল্লু অৰ্জুন (Allu Arjun latest news) । শেহতীয়া খবৰ অনুসৰি এটলীয়ে জোৱানত কেমিঅ’ অভিনয়ৰ বাবে পুষ্পা তাৰকাগৰাকীৰ কাষ চাপিছে । জোৱানত আল্লু অৰ্জুনৰ ভূমিকা চুটি যদিও তাৎপৰ্যপূৰ্ণ বুলি কোৱা হৈছে । যদি এই বাতৰিটো সঁচা হয় তেনেহ’লে বলীউড টলীউডৰ যুটিৰে এই ছবিখন কিমান সফল হয় সেইয়া চাবলগীয়া হ’ব ।