অসম

assam

By

Published : Jun 20, 2023, 9:10 PM IST

ETV Bharat / entertainment

Adipurush : প্ৰধানমন্ত্ৰী মোদীক AICWA ৰ আবেদন, আদিপুৰুষ নিষিদ্ধ কৰিবলৈ মেকাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল

অব্যাহত আছে আদিপুৰুষক লৈ বিতৰ্ক । সমগ্ৰ দেশতে ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে । এই সন্দৰ্ভত অল ইণ্ডিয়ান চিনে ৱৰ্কাৰছ এছ’চিয়েশ্যনে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ।

All India Cine Workers Association writes to PM Modi seeking ban on Adipurush
আদিপুৰুষক লৈ বিতৰ্ক

চিটাৰা ডেস্ক, 20 জুন: ‘ৰামায়ণ’ক আদিপুৰুষৰ ৰূপত উপস্থাপন কৰি বিপদত পৰিছে চলচ্চিত্ৰ পৰিচালক ওম ৰাউট । প্ৰথমে নেপালে এই বিতৰ্কিত ছবিখন নিষিদ্ধ কৰিছিল আৰু এতিয়া দেশত এই ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে । এই সন্দৰ্ভত অল ইণ্ডিয়ান চিনে ৱৰ্কাৰছ এছ’চিয়েশ্যনে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখি ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে । ইয়াৰ সমান্তৰালকৈ সন্থাই ছবিখনৰ পৰিচালক ওম ৰাউট আৰু সংলাপ লেখক মনোজ মুন্টাশ্বিৰ শুক্লাৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ কথাও কৈছে ।

আদিপুৰুষ ছবিখনত সংলাপ আৰু ভিএফএক্সৰ দুৰ্বল প্ৰদৰ্শনে সৃষ্টি কৰিছে বিতৰ্কৰ ৷ লগতে তেওঁলোকৰ ধৰ্মীয় আৱেগকো আঘাত কৰিছে ছবিখনে । এই সকলোবোৰ বিতৰ্কৰ বাবেই ছ’চিয়েল মিডিয়াতো এই ছবিখন সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে ।

একে সময়তে এই ছবিখনে আগন্তুক সময়ত টিভি আৰু অ’টিটি প্লেটফৰ্মত প্ৰচাৰ কৰিব নালাগে বুলি প্ৰধানমন্ত্ৰী মোদীক আবেদন জনাই এআইচিডব্লিউএই কয় যে ই নৱ প্ৰজন্মৰ মাজত ৰামায়ণৰ ভুল আভাস দিব ।

কি লিখা আছে চিঠিখনত ?

এআইচিডব্লিউএই প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা চিঠিখনত লিখা আছে, ‘এই ছবিখনে ভগৱান ৰাম আৰু হনুমানৰ প্ৰতিচ্ছবি নষ্ট কৰিছে, আদিপুৰুষ হিন্দু সনাতন ধৰ্মৰ আৱেগ আৰু হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত কৰিছে, ৰাম ভাৰতৰ প্ৰতিজন ব্যক্তিৰ ঈশ্বৰ ৷ ছবিখনে ৰাম আৰু আনকি ৰাৱণৰ চৰিত্ৰকো বিকৃত কৰিছে (ভিডিঅ’ গেমৰ চৰিত্ৰৰ দৰে দেখা যায় গৈছে), যিয়ে দেশ-বিদেশৰ হিন্দুসকলক আঘাত দিছে ৷ অভিনেতা প্ৰভাস, কৃতি সেনন আৰু ছৈইফ আলী খানে ভাৰতীয় চিনেমাৰ ইতিহাসত এই অসন্মানজনক ছবিখনৰ অংশ হ’ব নালাগিছিল ৷

ইয়াত উত্তৰ প্ৰদেশৰ ধৰ্মীয় চহৰ বাৰাণসীত ছবিখনক লৈ ক্ষোভ প্ৰকাশ পাইছে । হিন্দু মহাসভাই এই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ১৯ জুনত আদিপুৰুষৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে লক্ষ্ণৌ থানাত এফআইআৰ দাখিল কৰিছে। একে সময়তে সমাজবাদী পাৰ্টিয়েও ছবিখনক ৰামৰ বিশ্বাসৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে।

লগতে পঢ়ক:Adipurush box office collection day 3: আদিপুৰুষে মুক্তিৰ তিনিদিনতে গঢ়িলে এই অভিলেখ, ভংগ কৰিলে পাঠানকে ধৰি এই ছবিবোৰৰ অভিলেখ

ABOUT THE AUTHOR

...view details