চিটাৰা ডেস্ক, 9 অক্টোবৰ:আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ বলীউডৰ অন্যতম আদৰ্শ দম্পতী । দুয়োগৰাকী প্ৰায়েই ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰা দেখা যায় ৷ অভিনেতা ৰণবীৰ কাপুৰ ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকে ৷ কিন্তু ইয়াৰ বিপৰীতে পত্নী আলিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় ৷ প্ৰায়ে দুয়োৰে মৰম লগা ছবিবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ।
প্ৰথমে প্ৰেম তাৰ পাচত যোৱা বছৰ দুয়ো বিবাহ পাশত আৱদ্ধ হয় ৷ মুম্বাইৰ ঘৰতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ বাবে আলিয়াই লেহেংগাৰ পৰিৱৰ্তে বাছি লৈছিল শাৰী । বৰ্তমান সময়ত অভিনেত্ৰীসকলৰ বিয়াৰ সাজৰ বাবে প্ৰথম পছন্দ হৈছে লেহেংগা ৷ কিন্তু ইয়াৰ বিপৰীতে আলিয়াই নিজৰ বিবাহৰ বাছি লৈছিল শাৰী ৷ কিন্তু লেহেংগাৰ পৰিৱৰ্তে আলিয়াই কিয় শাৰী বাছি লৈছিল ? শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই কথা ৷
বিয়াৰ বাবে আলিয়া ভাটে লেহেংগা নহয়, শাৰী বাছি লৈছিল
আলিয়া ভাটে তেওঁৰ বিশেষ দিনটোৰ বাবে বাছি লৈছিল আইবৰী সব্যসাচীৰ শাৰী । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে কয় যে শাৰী আটাইতকৈ আৰামদায়ক সাজ আৰু সেয়েহে ইয়াক নিজৰ কইনাৰ সাজ হিচাপে বাছি লৈছিল আলিয়াই ৷ আলিয়াই ক’লে- মই শাৰী ভাল পাওঁ । এইখনেই পৃথিৱীৰ আটাইতকৈ আৰামদায়ক পোছাক, যাৰ বাবে মই শাৰী পিন্ধিছিলো আৰু মোৰ বিয়াত লেহেংগা পৰিধান কৰাটো বিচৰা নাছিলো মই ৷