অসম

assam

ETV Bharat / entertainment

Celebs arrive at JWP: জিঅ’ ৱৰ্ল্ড প্লাজা লঞ্চ ইভেন্টত তাৰকাৰ সমাহাৰ চাওক ভিডিঅ’

৩১ অক্টোবৰৰ নিশা মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত বলীউডৰ বহুকেইগৰাকী তাৰকাক দেখা পোৱা গ’ল ৷ চাওক ভিডিঅ’৷

Alia Bhatt, Deepika Padukone to Katrina Kaif, celebs arrive at Jio World Plaza launch
জিঅ’ ৱৰ্ল্ড প্লাজা লঞ্চত উপস্থিত আলিয়াৰ পৰা কেটৰিণালৈ

By ANI

Published : Nov 1, 2023, 10:36 AM IST

চিটাৰা ডেস্ক, 1 নৱেম্বৰ: মঙলবাৰে মুম্বাইত অনুষ্ঠিত হয় জিঅ’ ৱৰ্ল্ড প্লাজাৰ এক মেগা ইভেণ্ট ৷ এই ইভেন্টত অংশগ্ৰহণ কৰে কেটৰিণা কাইফ, কৰীণা কাপুৰ খানকে ধৰি বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় তাৰকাই ৷

এই অনুষ্ঠানটোত অভিনেত্ৰী দীপিকা পাডুকনে অফ শ্বোল্ডাৰ গ্ৰে ড্ৰেছ পৰিধান কৰি শোভা বঢ়াই ৷ অভিনেত্ৰীগৰাকীয়ে ক’লা লং বুটৰ সৈতে কৰিছিল এই সাজ ৷ দীপিকাই গধুৰ মেক-আপেৰে আৰু ন্যূনতম গহনাৰে নিজৰ লুকটোক এক্সেচৰিজ কৰিছিল ৷

ইফালে বলীউডৰ গংগুবাই আলিয়া ভাটে অফ শ্বোল্ডাৰ অল ব্লেক আউটফিট পৰিধান কৰি অনুষ্ঠানটোত উপস্থিত হয় ৷ য’ত অভিনেত্ৰীগৰাকীক অত্যন্ত ধুনীয়া দেখা গৈছিল ৷

অভিনেতা ভূমি পেডনেকাৰেও অল ব্লেক লুকেৰে অনুষ্ঠানটোৰ শোভা বঢ়ায় । ইফালে বাদামী ৰঙৰ স্লিট আৰু ডিপ নেক ড্ৰেছ পৰিধান কৰি এই অনুষ্ঠানটোত উপস্থিত হয় পূজা হেগড়ে ।

বলীউডৰ সুন্দৰী অভিনেত্ৰী কেটৰিণা কাইফেও এই অনুষ্ঠানটোত ফ্ল’ৰাল সাজ পৰিধান কৰি উপস্থিত হয় । অভিনেত্ৰীগৰাকীয়ে পেপছৰ সন্মুখত প’জ দিয়াও দেখা যায় ৷

ইভেণ্টত ৰূপালী ৰঙৰ জিলিকি থকা কোট পেণ্ট পৰিধান কৰি উপস্থিত হয় মাধুৰী দীক্ষিত । ডিভা মালাইকা অৰোৰাই অনুষ্ঠানটোত ক’লা ৰঙৰ হাই নেক ড্ৰেছ পৰিধান কৰি উপস্থিত হয় ৷

আনফালে ষ্টাইলিছ সাজ-পোছাক পৰিধান কৰা দেখা গ’ল কৰীণা কাপুৰ খানক । পেপছৰ সন্মুখত অভিনেত্ৰীগৰাকীয়ে পোজ দিয়াও দেখা যায় ।

উল্লেখ্য যে, মঙলবাৰে ৰিলায়েন্স ৰিটেলে মুম্বাইত জিঅ’ ৱৰ্ল্ড প্লাজা উদ্বোধন কৰা হয় ৷ এতিয়া আজি অৰ্থাৎ ১ নৱেম্বৰত, মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত সাধাৰণ জনতাৰ বাবে মুকলি হ’ব জিঅ’ ৱৰ্ল্ড প্লাজা । ইয়াত টপ এণ্ড ৰিটেইল ফেশ্বন আৰু মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰা হ’ব । এই প্লাজা নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ, জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ আৰু জিঅ’ ৱৰ্ল্ড গাৰ্ডেনৰ সৈতে সংযুক্ত ।

৭,৫০,০০০ বৰ্গফুটৰ বিশাল এলেকাত চাৰিটা স্তৰত বিস্তৃত এই খুচুৰা বিপণীখনত থাকিব ৬৬ টা বিলাসী ব্ৰেণ্ড । ভাৰতীয় বজাৰত প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডসমূহৰ ভিতৰত আছে বালেনিয়াগা, জৰ্জিঅ’ আৰ্মানি কেফে, পটাৰী বাৰ্ন কিডছ, চেমচাং এক্সপিৰিয়েন্স চেণ্টাৰ, ই এল এণ্ড এন কেফে আৰু ৰিম’ৱা ।

জিঅ’ ৱৰ্ল্ড প্লাজা হ’ব বিশ্বৰ শ্ৰেষ্ঠ মল- নীতা আম্বানী

ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে কয়, ‘জিঅ’ ৱৰ্ল্ড প্লাজা কেৱল ভাৰতৰেই নহয়, ই বিশ্বৰ শ্ৰেষ্ঠ মল হ’ব । নিশ্চিতভাৱে, আমি সঁচাকৈয়ে ইয়াৰ বাবে উৎসাহী । ’’

লগতে পঢ়ক:Tejas: কংগনাৰ তেজস চাই আবেগিক হৈ পৰিল মুখ্যমন্ত্ৰী যোগী, কংগনাই ক’লে এই কথা

ABOUT THE AUTHOR

...view details