অসম

assam

ETV Bharat / entertainment

Mission Raniganj Trailer: ৬৫ জন শ্ৰমিকক উদ্ধাৰৰ কাহিনী, অক্ষয় কুমাৰৰ 'মিছন ৰাণীগঞ্জ'ৰ ট্ৰেইলাৰ মুকলি - অক্ষয় কুমাৰ

১৯৮৯ চনৰ এটা সঁচা ঘটনাৰ আধাৰত এখন ছবি লৈ আহি আছে অক্ষয় কুমাৰে। নাম মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ। আজি মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ ৷

Akshay Kumars Mission Raniganj: The Great Bharat Rescue trailer out now
মিছন ৰাণীগঞ্জ'ৰ ট্ৰেইলাৰ মুকলি

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 5:51 PM IST

চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: বলীউডৰ খিলাড়ি অক্ষয় কুমাৰ তেওঁৰ আগন্তুক নতুন ছবি মিছনগঞ্জ ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউক লৈ কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । এই ছবিখন মাইনিং ইঞ্জিনিয়াৰ যশৱন্ত সিং গিলৰ আধাৰত নিৰ্মিত। সোমবাৰে অৰ্থাৎ আজি নিৰ্মাতাসকলে এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে । ট্ৰেইলাৰত দেখা গৈছে অক্ষয়ক যশৱন্ত সিঙৰ চৰিত্ৰত ।

৭ ছেপ্টেম্বৰত নিৰ্মাতাসকলে এই ছবিখনৰ এক শক্তিশালী টিজাৰ মুকলি কৰিছিল, যিয়ে এই কাহিনীটোক লৈ মানুহৰ মনত কৌতুহলৰ সৃষ্টি কৰিছিল । এতিয়া ছবিখনৰ কাহিনীৰ বিষয়ে আৰু অধিক কথা পোহৰলৈ আহিছে, যিটো ট্ৰেইলাৰৰ পৰা বুজিব পৰা যায় ৷ যশৱন্ত সিং গিলৰ চৰিত্ৰত অক্ষয়ক অতি ফলপ্ৰসূ দেখা গৈছে।

ট্ৰেইলাৰত দেখুওৱা হৈছিল যে খনিটো পানীৰে ভৰি পৰাৰ বাবে শ্ৰমিকসকল ভিতৰত আবদ্ধ হৈ পৰে। মুঠ শ্ৰমিক আছিল ৬৫ গৰাকী । ইফালে এই খবৰৰ পাচতে শংকিত হৈ পৰিছে শ্ৰমিকৰ পৰিয়াল। সকলোৱে তেওঁলোকক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে । তাৰ পিচত অক্ষয় কুমাৰে তেওঁলোকক উদ্ধাৰৰ বাবে পৰিকল্পনা কৰে । ট্ৰেইলাৰটো যথেষ্ট আকৰ্ষণীয় দেখা গৈছে। এই ছবিখনত আছে ৰবি কিষাণ। খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকৰ ভূমিকাত তেওঁক দেখা যাব । বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাও এই ছবিখনৰ অংশ । যশৱন্ত সিং গিলৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

ছবিখনৰ কাহিনী কি ?

আচলতে ছবিখনৰ কাহিনী ১৯৮৯ চনৰ। পশ্চিমবংগৰ ৰাণীগঞ্জৰ এটা খনিত নিশা প্ৰায় ২২০ জন শ্ৰমিকে কাম কৰি আছিল । একে সময়তে বেৰত বিস্ফোৰণ ঘটে, তাৰ পিচত খনিটো পানীৰে ভৰিবলৈ আৰম্ভ কৰে। সেই ঘটনাত যশৱন্ত সিং গিলে বহু শ্ৰমিকৰ জীৱন ৰক্ষা কৰিছিল ।

ছবিখন কেতিয়া মুক্তি পাব ?

মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ অহা ৬ অক্টোবৰত ছবিগৃহত মুক্তি পাব । উল্লেখ্য যে , পূৰ্বে এই ছবিখন কেপচুল গিল নামেৰে নামাকৰণ কৰা হৈছিল ৷ কিন্তু পিছলৈ এই নাম সলনি কৰি দ্য গ্ৰেট ইণ্ডিয়া ৰেচকিউ কৰা হয়। কিন্তু টিজাৰ মুক্তিৰ পূৰ্বে ছবিখনৰ নাম আকৌ এবাৰ সলনি কৰি মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউলৈ সলনি কৰা হয়।

লগতে পঢ়ক:Parineeti- Raghav Wedding Photos: পৰিণীতিৰ বিবাহৰ সাজযোৰৰ ওৰণিত লিখা আছে এটা বিশেষ নাম !

ABOUT THE AUTHOR

...view details