অসম

assam

ETV Bharat / entertainment

ছ’চিয়েল মিডিয়াত আবেগিক পোষ্ট শ্বেয়াৰ স্মৃতি ইৰাণীৰ - আবেগিক পোষ্ট শ্বেয়াৰ স্মৃতি ইৰাণীৰ

Smriti Irani Post: হঠাৎ মাতৃৰ বাবে আবেগিক হৈ পৰিল জনপ্ৰিয় টিভি অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ৷ মাতৃৰ বাবে শ্বেয়াৰ কৰিলে এটা পোষ্ট, লগতে এই পোষ্টটোত সকলোৰে বাবে বিশেষ বাৰ্তাও প্ৰেৰণ কৰে স্মৃতি ইৰাণীয়ে ৷

Actress Smriti Irani pens heartfelt note for her mother
আবেগিক পোষ্ট শ্বেয়াৰ স্মৃতি ইৰাণীৰ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 5:18 PM IST

চিটাৰা ডেস্ক, ২০ ডিচেম্বৰ: মাতৃৰ ছবি শ্বেয়াৰ কৰিছে জনপ্ৰিয় টিভি অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । ইয়াৰ লগতে ফটোখন পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে অভিভাৱকসকলক সময় দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । স্মৃতি ইৰাণীয়ে ফটোখনৰ কেপশ্যনত লিখিছে, ‘‘আমি কোনেও নাজানো, আমাৰ হাতত কিমান সময় আছে, সেইবাবেই সময় উলিয়াই আপোনাৰ পিতৃ-মাতৃক কিছু সময় দিয়ক ।’’

মাতৃৰ ছবি শ্বেয়াৰ কৰি আবেগিক হৈ পৰিল স্মৃতি ইৰাণী

অভিনেত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হোৱা স্মৃতি ইৰাণী নিজৰ স্পষ্টবাদী শৈলীৰ বাবে পৰিচিত, এইবাৰ স্মৃতিয়ে লিখিছে মাতৃৰ বাবে এটা আবেগিক টোকা । মাতৃৰ ছবিৰ লগতে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত সকলোৰে বাবে এটা বাৰ্তা শ্বেয়াৰ কৰিছে । স্মৃতিয়ে কয় যে আমাৰ সকলোৰে বাবে আমাৰ পিতৃ-মাতৃয়ে নিঃচৰ্তভাৱে দিয়া মৰম কিমান গুৰুত্বপূৰ্ণ ।

স্মৃতিয়ে নিজৰ দীঘলীয়া টোকাটোত লিখিছে, ‘‘মা, তোমাৰ ছবিখন মোৰ বাবে পোষ্ট কৰাৰ কোনো কাৰণ নাই, ইয়াৰ বাহিৰে যে তুমি আমাক সদায় সাধাৰণ হৈ থাকিবলৈ শিকাইছা, এটা যুৱ জাতি হিচাপে আমি সকলোৱে এটা সময়ত এই কথাটোৰ সৈতে মোকাবিলা কৰিবলগীয়া হয় যে আমাৰ পিতৃ-মাতৃ এদিন বৃদ্ধ হ’ব ।’’

স্মৃতিয়ে পোষ্টটোত লগতে লিখিছিল- ‘‘মই আশা কৰোঁ যে আমাৰ সপোনবোৰ পূৰণ কৰাৰ লগতে আমি তেওঁলোকৰ যত্ন ল’বলৈও সাজু হ’ব লাগে ৷ যিসকলে আমাক লালন-পালন কৰিছিল ৷ যিসকলে এই পোষ্টটো পঢ়ি আছে, সম্ভৱতঃ এই সময়ত জীৱনৰ বহুতো বস্তুৰ সৈতে মোকাবিলা কৰি আছে ৷ কিন্তু অন্ততঃ কিছু সময় মা-দেউতাৰ বাবে উলিয়াওক আৰু তেওঁলোকক নমস্কাৰ জনাবলৈ নাপাহৰিব, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰক ।"

উল্লেখ্য যে, স্মৃতিয়ে শেহতীয়াকৈ এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ পিতৃক লৈ গৈছিল পি এম মোদীৰ সৈতে সাক্ষাৎ কৰিবলৈ । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ওলোৱা পিতৃৰ ছবিখনে অনুৰাগীক আচৰিত কৰি তুলিছিল ।

লগতে পঢ়ক:ডাংকি-ছালাৰৰ মাজৰ কোনখন ছবিয়ে মুকলি দিনটোত ভংগ কৰিব উপাৰ্জনৰ অভিলেখ ? বাণিজ্য বিশ্লেষকসকলে কি কয় ?

ABOUT THE AUTHOR

...view details