চিটাৰা ডেস্ক, ১৪ ছেপ্টেম্বৰ:১৯৮৮ চনত জুহি চাওলাৰ ৰোমান্টিক ছবি ‘কায়ামত সে কায়ামত তক’ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল বলীউডৰ অভিনেতা আমিৰ খান । কিন্তু অতি কম সংখ্যক লোকেহে জানে যে, অভিনেতা-পৰিচালকজন ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিল । তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তকো ‘কায়ামত সে কায়ামত তক’ত বিশেষ উপস্থিতিত দেখা গৈছিল । শেহতীয়াকৈ মুম্বাইৰ বান্দ্ৰাত বলীউডৰ ছুপাৰষ্টাৰগৰাকী আৰু তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তক একেলগে দেখা পোৱা গৈছে ।
আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখা গৈছিল আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখাৰ লগে লগে পাপাৰাজীয়ে তেওঁলোকক কেমেৰাৰ বাবে পোজ দিবলৈ অনুৰোধ জনায় । ভিডিঅ’টোত আমিৰ খানে নীলা ৰঙৰ চুটি কুৰ্তা পৰিধান কৰা কেজুৱেল লুকত দেখা গৈছে, যিটো তেওঁ ক’লা পেণ্টৰ সৈতে যোৰ কৰিছিল । আনহাতে ৰীনা দত্তই বগা পেণ্টৰ সৈতে সাধাৰণ কুৰ্তা পৰিধান কৰিছিল । মুম্বাইৰ বান্দ্ৰাৰ এখন গহনা দোকানৰ পৰা ওলাই আহিছিল দুয়ো ৷ অৱশ্যে দোকানৰ বাহিৰত পাপাৰাজীৰ বাবে পোজ দিবলৈ কেইমিনিটমান ৰৈ তাৰ পিচত এখন ক’লা বাহনেৰে সেই স্থানৰ পৰা গুচি যায় ।
আমিৰ খান আৰু ৰীনা দত্তৰ বিষয়ে
অভিনেতাগৰাকীয়ে ১৯৮৬ চনত অভিনেত্ৰী-প্ৰযোজক ৰীনা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয় । দুয়োৰে দুটি সন্তান আছে ৷ জুনেইদ খান আৰু ইৰা খান দুয়োগৰাকীৰ সন্তান । কিন্তু দুখৰ বিষয় যে দুয়োৰে বিবাহ বেছি দিন নিটিকিল ৷ ২০০২ চনৰ ডিচেম্বৰ মাহত আমিৰ খানে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে আৰু ১৬ বছৰীয়া বিবাহৰ অন্ত পেলায় । এটা পুৰণি সাক্ষাৎকাৰত খানে কৈছিল যে, বহু সময় অপেক্ষা কৰাৰ পিচত তেওঁ ৰীনা দত্তক নিজৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল ।
আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখা গৈছিল আমিৰ খানৰ ৱৰ্ক ফ্ৰণ্ট
বহু দিনৰে পৰা ডাঙৰ পৰ্দাৰ পৰা আঁতৰি আছেৃ মিষ্টাৰ পাৰ্ফেকচনিষ্ট । ২০২২ চনত অভিনেতাগৰাকীক অদ্বৈত চন্দনৰ পৰিচালনাত নিৰ্মিত কমেডী ছবি ‘লাল সিং চাড্ডা’ত দেখা গৈছিল ৷ এই ছবিখনত কৰীণা কাপুৰ খান, দক্ষিণৰ তাৰকা নাগা চৈতন্য আৰু মোনা সিঙৰ সৈতে আমিৰ খানক দেখা গৈছিল । অৱশ্যে এই ছবিখন বক্স অফিচত বৰ বেয়াকৈ ফ্লপ হয় ৷ ইয়াৰ পিচৰে পৰা পৰ্দাৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰা দেখা পোৱা গৈছে অভিনেতাগৰাকীক ৷
লগতে পঢ়ক:Anurag Kashyap: শ্বাহৰুখ-ছলমানৰ সৈতে কিয় কাম নকৰে অনুৰাগ কাশ্যপে ? ক’লে পৰিচালকগৰাকীয়ে