অসম

assam

ETV Bharat / entertainment

Grammy awards 2022: ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহলৈ গ্ৰেমি বঁটা

মুম্বাইত জন্ম ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহে লাভ কৰিলে গ্ৰেমি বঁটা (Grammy award winners) ৷ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে গ্ৰেমি এৱাৰ্ডছ অনুষ্ঠিত কৰা ৰেকৰ্ডিং একাডেমীক ধন্যবাদ জনালে গায়িকা গৰাকীয়ে ৷

Grammy awards 2022
ফাল্গুনী শ্বাহলৈ গ্ৰেমি বঁটা

By

Published : Apr 4, 2022, 7:47 PM IST

চিটাৰা ডেস্ক, 4 এপ্ৰিল: ভাৰতীয় মূলৰ আমেৰিকান গায়িকা ফাল্গুনী শ্বাহে লাভ কৰিলে সন্মানীয় গ্ৰেমি বঁটা ৷ এ কলৰফুল ৱৰ্ল্ড শীৰ্ষক গীতটোৰ বাবে ফাল্গুনী শ্বাহক এই সন্মান জনোৱা হয় (Singers who got Grammy 2022) ৷ শিশু এলবাম শাখাত গীটতো সৰ্বশ্ৰেষ্ঠ হিচাপে বিবেচিত হয় ৷

ফালু নামৰে জনাজাত ফাল্গুনী শ্বাহ ৷ মুম্বাইত জন্মগ্ৰহণ কৰা গায়িকা গীতিকাৰ ফাল্গুনী শ্বাহে বঁটা লাভ কৰি অভিভূত হৈ পৰে ৷ সোমবাৰে অনুষ্ঠিত এই অনুষ্ঠানত বঁটা লাভ কৰিবলৈ সক্ষম হয় তেওঁ (Grammy 2022 winners) ৷

গ্ৰেমি বঁটা বিতৰণী অনুষ্ঠানৰ পৰা নিজৰ ফটো শ্বেয়াৰ কৰি গায়িকা গৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰে ৷ বঁটা লাভ কৰা দিনটোৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰিলে শিল্পী গৰাকীয়ে ৷

এ কলৰফুল ৱৰ্ল্ড শীৰ্ষক গীতটোত জড়িত প্ৰতিজন ব্যক্তিৰ হৈ বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল ফাল্গুনী শ্বাহ ৷

লগতে পঢ়ক:আৰ আৰ আৰত ভীমৰ চৰিত্ৰৰে খলকনি লগোৱা অভিনেতাজন

ABOUT THE AUTHOR

...view details