অসম

assam

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:34 PM IST

ETV Bharat / entertainment

Kendall Jenner Birthday: বয়স ২৮ বছৰীয়া হ’ল ছুপাৰমডেল কেণ্ডেল জেনাৰ, মুঠ সম্পত্তিৰ পৰিমাণ জানি হতবাক আপুনি

আজি ষ্টাৰ মডেল কেণ্ডেল জেনাৰে ২৮ সংখ্যক জন্মদিন উদযাপন কৰিছে । এই উপলক্ষে অভিনেত্ৰীগৰাকীৰ মুঠ সম্পত্তিৰ বিষয়ে জানো আহক ।

HBD Kendall Jenner, Know Kendall Jenner's Net Worth in 2023
কেণ্ডেল জেনাৰৰ ২৮ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, 3 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় তাৰকা কেণ্ডেল জেনাৰক কোনে চিনি নাপায় ৷ মডেল হোৱাৰ উপৰিও ছ’চিয়েল মিডিয়াৰ তাৰকা কেণ্ডেল । ইয়াৰ উপৰিও মডেলগৰাকীৰ সৌন্দৰ্যৰ কোনো তুলনা নাই । উল্লেখ্য যে, ২০১৪ চনত পিপল মেগাজিনৰ ৫০ গৰাকী আটাইতকৈ ধুনীয়া ব্যক্তিৰ তালিকাত কেণ্ডেলৰ নাম অন্তৰ্ভুক্ত হৈছিল । আটাইতকৈ জনপ্ৰিয় ষ্টাৰ মডেলগৰাকীয়ে আজি উদযাপন কৰিছে জন্মদিন । ১৯৯৫ চনৰ ৩ নৱেম্বৰত আমেৰিকাৰ লছ এঞ্জেলছত জন্মগ্ৰহণ কৰিছিল কেণ্ডেল । মাত্ৰ ১৪ বছৰ বয়সতে কেণ্ডেলে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল । বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মঞ্চত কেণ্ডেল আটাইতকৈ ডাঙৰ মডেল । এই উপলক্ষে কেণ্ডেল জেনাৰৰ বিষয়ে কিছু বিশেষ কথা জানো আহক ।

উল্লেখ্য যে, ২০২৩ চনত কেণ্ডেল জেনাৰৰ সম্পত্তিৰ পৰিমাণ হয়গৈ ৬ কোটি ডলাৰ । জেনাৰ এগৰাকী ৰিয়েলিটি-টেলিভিছন তাৰকা আৰু ফেশ্বন মডেল । দুবাৰৰ টিন চয়ছ বঁটা বিজয়ী আৰু ইয়ং হলিউড বঁটাৰ বাবে মনোনীত কেণ্ডেল । ২০২৩ চনত কেণ্ডেল জেনাৰৰ মুঠ সম্পত্তিৰ সবিশেষ জানি লওক ।

'কেণ্ডেল জেনাৰ'ৰ নেট ৱৰ্থ

কেণ্ডেলৰ বাৰ্ষিক আয় ৪০ লাখ মাৰ্কিন ডলাৰ । ফৰ্বছৰ মতে, ২০১৭ চনত কেণ্ডেল আছিল সৰ্বাধিক পাৰিশ্ৰমিক পোৱা মডেল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৩ চনত কেণ্ডেল জেনাৰৰ সম্পত্তিৰ পৰিমাণ ৬ কোটি ডলাৰ হয়গৈ ।

উল্লেখ্য যে, মাত্ৰ ১১ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে ৰিয়েলিটি টেলিভিছন শ্ব’ ‘কিপিং আপ উইথ দ্য কাৰ্দাছিয়ানছ’ত অভিনয় কৰি জনপ্ৰিয় হৈ পৰে জেনাৰ । প্ৰথম দিনবোৰত, ষ্টাইলকাষ্টাৰৰ ৰিপ’ৰ্ট অনুসৰি জেনাৰে শ্ব’টোত থকা সময়চোৱাত প্ৰতিটো ছিজনত কমেও ৪৫ লাখ ডলাৰ আৰু ৮৫ লাখ ডলাৰ পৰ্যন্ত উপাৰ্জন কৰিছিল । জেনাৰে টেলিভিছনত কিম কাৰ্দাছিয়ান, কেটলিন জেনাৰ, ক্ৰীছ জেনাৰ, ক্ল’ কাৰ্দাছিয়ান আৰু আন বহুতো জনপ্ৰিয় মুখৰ সৈতে অভিনয় কৰিছিল । ২০২১ চনত শেষ হোৱা ২০ টা ছিজনলৈকে কিপিং আপ উইথ দ্য কাৰ্দাছিয়ানছে অনুৰাগীক মনোৰঞ্জন দিছিল ।

লগতে পঢ়ক:Selena Gomez: এই কাৰণেই চেলেনা গোমেজে ত্যাগ কৰিলে ছ’চিয়েল মিডিয়া

ABOUT THE AUTHOR

...view details