অসম

assam

ETV Bharat / entertainment

Joker : Folie a Deux : আহি আছে 'Joker' ৰ চিকুৱেল, নিৰ্মাতাই শ্বেয়াৰ কৰিলে বিশেষ ফটো - Joker 2019

চলচ্চিত্ৰ নিৰ্মাতা টড ফিলিপছে 'Joker: Folie a Deux' ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে (Todd Phillips begins joker sequel shoot)। ছবি নিৰ্মাতাই বিশেষ ফটো শ্বেয়াৰ কৰিছে । লগে লগে অনুৰাগীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ।

Joker
আহি আছে 'Joker' ৰ চিকুৱেল

By

Published : Dec 11, 2022, 11:46 AM IST

Updated : Dec 11, 2022, 11:52 AM IST

চিটাৰা ডেস্ক,১১ ডিচেম্বৰ :হলীউডৰ ছবি ভালপোৱা দৰ্শকৰ বাবে ভাল খবৰ । কিয়নো পুনৰ আহি আছে চলচ্চিত্ৰ নিৰ্মাতা টড ফিলিপছৰ 'Joker'। ছবিখনৰ প্ৰথম সংস্কৰণে যিধৰণে দৰ্শকক আকৰ্ষিত কৰিছিল তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে 'Joker: Folie a Deux' ছবিখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে (Todd Phillips begins joker sequel shoot)। দেওবাৰে ছবিখনৰ এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে নিৰ্মাতা টড ফিলিপছে ।

জোকুইন ফিনিক্স অভিনীত ছবিখনৰ প্ৰথম দিন বুলি উল্লেখ কৰিছে নিৰ্মাতাগৰাকীয়ে । য'ত আৰ্থাৰ ফ্লেকৰ চৰিত্ৰত জোকুইনৰ এখন ছবি শ্বেয়াৰ কৰিছে টড ফিলিপছে । দেওবাৰে ইনষ্টাগ্ৰামত ফিলিপছে ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে ছবিখনৰ অনুৰাগীসকলৰ মাজত উৎকণ্ঠা অধিক বৃদ্ধি পাইছে (Todd Phillips shares first look of Joker sequel)। ছবিখনত, আৰ্থাৰৰ ৰূপত জোকুইনক শুই থকা দেখা গৈছে আৰু তেওঁৰ দাড়ি কাটি থকা দেখা গৈছে । কেপছনত নিৰ্মাতা গৰাকীয়ে লিখিছে, "Day 1. Our boy. #joker,"।

যদিও ছবিখনৰ বিষয়ে বিশেষ বিৱৰণ দিয়া হোৱা নাই কিন্তু আৰ্খাম এছাইলামত ভৰ্তি হোৱাৰ পাছত জ'কাৰৰ চিকুৱেলটো ফিনিক্সৰ হত্যাকাৰী ক্লাউনৰ সৈতে আৰম্ভ হ'ব । 'Joker: Folie a Deux' ত ফিনিক্সৰ সৈতে আমেৰিকাৰ তাৰকা অভিনেত্ৰী লেডী গাগাক দেখা যাব । যাক ডিচি কমিক্সৰ খলনায়ক হাৰ্লি কুইনৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।

ছবিখন ২০২৪ চনৰ অক্টোবৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে । অৱশ্যে মুক্তিৰ পূৰ্বেই অনুৰাগীসকলৰ মাজত বিভিন্ন ধৰণৰ কৌতূহল দেখিবলৈ পোৱা গৈছে । এইবাৰ ছবিখনৰ কাহিনীটো কেনে হ'ব তাক লৈ বহুতে বহুত অনুমান কৰা দেখা গৈছে । অৱশ্যে ছবিখনৰ মুক্তিক লৈ এতিয়া সকলোৰে অপেক্ষা ।

উল্লেখ্য যে, ফিলিপছৰ প্ৰথম 'Joker' খন ২০১৯ চনত মুক্তি লাভ কৰিছিল (Joker 2019)। আনহাতে ই সমগ্ৰ বিশ্বৰে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । বিশ্বজুৰি প্ৰায় ১ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক উপাৰ্জন কৰি ইতিহাসৰ সৰ্বাধিক উপাৰ্জন কৰা আৰ-ৰেটেড চলচ্চিত্ৰ হিচাপে ই পৰিগণিত হৈছিল । চলচ্চিত্ৰখনে ভেনিছ চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন লায়ন বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ ছবি আৰু পৰিচালককে ধৰি ১১ টা একাডেমী বঁটালৈ মনোনয়ন লাভ কৰে । ফিনিক্সৰ লগতে ছবিখনৰ সংগীতৰ বাবে হিলডুৰ গুডনাডটিৰে অস্কাৰো লাভ কৰিছিল ।

লগতে পঢ়ক :Sidharth Shukla: 17 বছৰ পূৰ্বে বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় আছিল সিদ্ধাৰ্থ শুক্লা

Last Updated : Dec 11, 2022, 11:52 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details