অসম

assam

হিমন্ত বতৰ বিজ্ঞানীঃ ৰকিবুল হুছেইন

By

Published : Apr 13, 2019, 1:19 PM IST

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাজ্যত ৷ বৰাক উপত্যকাত গৰম হৈছে নিৰ্বাচনী বতাহ ৷

হিমন্ত বতৰ বিজ্ঞানীঃ ৰকিবুল হুছেইন

কৰিমগঞ্জ, 13 এপ্ৰিলঃ অসমৰ পাঁচটা সমষ্টিত ইতিমধ্যেই সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত বৰাক উপত্যকাত ক্ৰমান্বয়ে গৰম হৈছে নিৰ্বাচনী বতাহ । ষ্টাৰ কেম্পেনাইৰৰ ঢৌ উঠিছে বৰাকৰ কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিত ৷

হিমন্ত বতৰ বিজ্ঞানীঃ ৰকিবুল হুছেইন

কৰিমগঞ্জ লোকসভা সমষ্টিৰ কেইবাঠাইটো নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ বহুকেইগৰাকী হেভীৱেইট নেতাই ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, ৰকিবুল হুছেইন আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

সমষ্টিটোত প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় জ্যেষ্ঠ কংগ্ৰেছী তথা এসময়ৰ হিমন্তৰ সহকৰ্মী ৰকিবুল হুছেইনে ৷ হিমন্ত বিশ্ব এগৰাকী বতৰ বিজ্ঞানী, আগতীয়াকৈ উমান পাই দল সলনি কৰা বিজ্ঞানী হিমন্ত বিশ্ব ৷ কিন্তু বৰ্তমানে বিজ্ঞানীৰ বাবে কংগ্ৰেছৰ দুৱাৰ-খিৰিকী সকলো বন্ধ ৷

ABOUT THE AUTHOR

...view details