অসম

assam

ETV Bharat / elections

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - KRIPANATH MALLAH

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Apr 15, 2019, 11:13 PM IST

কৰিমগঞ্জ, 15 এপ্ৰিলঃ আজি কৰিমগঞ্জত কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱালে । সমষ্টিটোৰ অন্তৰ্গত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ কেইবাখনো জনসভাত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু পুৱাৰ ভাগত বতৰে বিধি-পথালি ঘটায়। 9 বজাত প্ৰচণ্ড ধুমুহাত ক্ষতিসাধন কৰে কেইবাখনো সভাৰ মঞ্চৰ । বাতিল কৰিব লগা হয় প্ৰায় আধাসংখ্যক সভাৰ কাৰ্যসূচী ।

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
আনহাতে পাথাৰকান্দি সমষ্টিত সভা হোৱাৰ কথা আছিল দিনৰ 12 বজাত ৷ বতৰ বেয়া হোৱাৰ বাবে 12 বজাৰ সলনি মুখ্যমন্ত্ৰী আহি পায় দিনৰ তিনি বজাত । সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী নিজৰ ভাষণ প্ৰসংগত কংগ্ৰেছক নিজৰ আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লয় । কংগ্ৰেছে বিগত 60 বছৰত দুৰ্নীতিহে কৰিলে বুলি কয় তেওঁ । বিজেপি চৰকাৰ অহাৰ পিছত বৰাক উপত্যকাৰ যাতায়তৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন হৈছে বুলিএ মন্তব্য কৰে তেওঁ । বৰাকৰ প্ৰতিগৰাকী নাগৰিকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপি ৰ বুলিও কয় । নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আবেদন জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details