নিউজ ডেক্স,২৩ এপ্ৰিলঃএইবাৰ অভিনয় নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধমৰ্মে শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীসকলৰ বাবে পৰিৱেশন কৰিছে ৰেপ সংগীত । লোকসভা নিৰ্বাচনৰ বাবে সকলো ভোটাৰকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে ৰেপ সংগীতটোৰ জৰিয়তে ।
এইবাৰৰ ৰেপাৰৰ ৰূপত বাদচাহ খান
শ্বাহৰুখ খানে ৰেপ সংগীতৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই ভোটাৰ ৰাইজক
এইবাৰৰ ৰেপাৰৰ ৰূপত বাদচাহ খান
উল্লেখ্য যে, মাৰ্চ মাহতে প্ৰধানমন্ত্ৰী মোডীয়ে বহু কেইগৰাকী বলিউড তাৰকাৰ প্ৰতি এই অনুৰোধ ৰাখিছিল যাতে সকলোৱে নিজৰ অনুৰাগীসকলক ভোটদানৰ বাবে এনেদৰে বিশেষ ধৰণেৰে অনুৰোধ কৰে । তেওঁৰ উদ্দেশ্য আছিল এই বৰ্ষত সাধাৰণ নিৰ্বাচনত ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰা । সেই অনুৰোধ ৰক্ষা কৰিয়েই শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে ভোটাৰক সকলক আকৰ্ষণ কৰিবৰ বাবে ৰেপ সংগীত পৰিৱেশন কৰে ।