অসম

assam

ETV Bharat / crime

গুনিয়ালগুৰিত শালকাঠ সহ জব্দ বাহন - শাল কাঠ

কলগাছিয়াৰ গুনিয়ালগুৰিত কাঠ ভৰ্তি এখন টাটা ডি আই বাহন জব্দ ৷ অৱশ্যে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে চালকজন ৷ চালকজনক বিচাৰি তদন্ত অব্যাহত আৰক্ষীৰ ৷

Wooden loded vehicle seized By Police in Kalgachia
কলগাছিয়াত কাঠ ভৰ্তি বাহন জব্দ

By

Published : Jul 21, 2021, 10:38 AM IST

জনীয়া, 21 জুলাই :বনাঞ্চল ৰক্ষাৰ বাবে চৰকাৰ কঠোৰ হৈছে যদিও বৰ্তমানেও ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ ৷ ভিন্ন স্থানত বেপাৰীয়ে চোৰাংভাৱে কাটি বিক্ৰী কৰি আছে মূল্যৱান গছ ৷ আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান অব্যহত ৰাখিছে যদিও বৰ্তমানেও সম্পূৰ্ণ সফলতা লাভ কৰিব পৰা নাই ৷ ইয়াৰ মাজতে মঙলবাৰে আৰক্ষীৰ অভিযানত চোৰাং শাল কাঠসহ এখন টাটা ডি আই বাহন জব্দ (Seized) হয় কলগাছিয়াত ।

উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীয় চলাইছিল এই অভিযান ৷ উক্ত অভিযানত বৰপেটা জিলাৰ কলগাছিয়াৰ গুনিয়ালগুৰিৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা শাল কাঠসহ এখন টাটা ডি আই (TATA D I) বাহন জব্দ কৰে । কলগাছিয়া আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় এই কাঠ ভৰ্তি বাহনখন । অৱশ্যে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰে বাহনখনৰ চালকজন ।

AS-19-AC-3208 নম্বৰৰ ডি আই বাহন খনৰে অভয়াপুৰীৰ পৰা কাঠখিনি কোকিলা দিশে গৈ থকা বুলি বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ উক্ত খবৰটো লাভ কৰাত কলগাছিয়া আৰক্ষীয়ে গুনিয়ালগুৰি কৱৰস্থানৰ সন্মুখত তালাচী চলায় জব্দ কৰিবলৈ সক্ষম হয় ৷

কলগাছিয়াত কাঠ ভৰ্তি বাহন জব্দ

অৱশ্যে এন্ধাৰৰ সুযোগ লৈ বাহনখনৰ চালকজন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে । জব্দকৃত কাঠসহ টাটা ডি আই বাহনখন আৰক্ষীয়ে কলগাছিয়া থানালৈ লৈ আহে । ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব কাঠ সৰবৰাহত কোন কোন লোক জড়িত আছে ৷

ঠিক একেদৰে কলিয়াবৰৰ মিছা ভূঞাপট্টিতো মঙলবাৰে চোৰাং কাঠ ভৰ্তি এখন বাহন জব্দ কৰে স্থানীয় ৰাইজে । বাহনখনৰ নম্বৰ হৈছে AS-02 AC-1189 ৷ বাহনখন ভূঞাপট্টিৰ ৰাইজে জব্দ কৰাৰ পাচতে মিছা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে বিষয় সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে । বন বিভাগে চোৰাং কাঠসহ গাড়ীখন জব্দ কৰে । জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰমূল্য প্ৰায় 50 হাজাৰ টকা হ'ব বুলি সদৰী কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক-লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details