চতিয়া,4 মে:জামুগুৰিহাটৰ কেন্দ্ৰস্থলত থকা বিলাতী সুৰাৰ দোকানত সোমবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে লুটপাত চলোৱাৰ ঘটনাই সমগ্ৰ জামুগুৰিহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, জামুগুৰি কেন্দ্ৰস্থলতে থকা আৰ কে এণ্টাৰপ্ৰাইজ নামৰ বিলাতী সুৰাৰ দোকানখনত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে লুটপাত চলায় ৷ মঙলবাৰে পুৱা স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি দোকানৰ গৰাকীক খবৰ দিয়াত গৰাকী আহি ঘটনাটো প্ৰত্যক্ষ কৰে ৷
জামুগুৰিহাটত বিলাতী সুৰাৰ দোকানত লুটপাত - লণ্ডভণ্ড
জামুগুৰিহাটৰ বিলাতী সুৰাৰ দোকানত সোমবাৰে নিশা লুটপাত ৷ দোকানখনৰ গ্ৰীল, চাটাৰৰ উপৰিও ১২টা মান টলা ভাঙি চিচি কেমেৰা বিকল কৰি ভিতৰৰ ড্ৰয়াৰসমূহ ভাঙি লণ্ডভণ্ড কৰি লক্ষাধিক টকা লুটি নিয়ে দুৰ্বৃত্তই ৷
জামুগুৰিহাটত বিলাতী সুৰাৰ দোকানত লুটপাত
দোকানখনৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, দোকানখনৰ গ্ৰীল, চাটাৰৰ উপৰিও ১২টা মান টলা ভাঙি চিচি কেমেৰা বিকল কৰি ভিতৰৰ ড্ৰয়াৰসমূহ ভাঙি লণ্ডভণ্ড কৰি লক্ষাধিক টকা লুটি নিয়ে দুৰ্বৃত্তই ৷ ইতিমধ্যে সুৰাৰ দোকানৰ গৰাকীয়ে উক্ত ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থাৰ বাবে জামুগুৰি আৰক্ষী নিৱেশত এজাহাৰ দাখিল কৰিছে ৷
লগতে পঢ়ক :কোভিড-19: দিল্লীত বিগত 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ