অসম

assam

ETV Bharat / crime

গোলাঘাট আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী - সৰবৰাহ

মেৰাপানীত আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ ব্যৱসায়ী ৷ আৰক্ষীৰ অভিযানত জব্দ 25154 টা নিষিদ্ধ স্পাচম’ প্ৰক্সিভান টেবলেট ৷ নিষিদ্ধ টেবলেটসমূহ গোপন পথেৰে নাগালেণ্ডলৈ সৰবৰাহৰ বাবে দুই ব্যৱসায়ীয়ে মজুত কৰি ৰাখিছিল ৷

two-drugs-peddler-arrested-at-merapani
গোলাঘাট আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী

By

Published : Jun 14, 2021, 8:18 PM IST

তিতাবৰ, 14 জুন : ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলি থাকোতেই এইবাৰ মেৰাপানীত আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ ব্যৱসায়ী । গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য্য বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে মেৰাপানীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

অভিযানত আৰক্ষীৰ দলটোৱে 25154 টা নিষিদ্ধ স্পাচম প্ৰক্সিভান টেবলেট জব্দ কৰাৰ লগতে মিন্টু ডেকা আৰু অতুল দাস নামৰ ড্ৰাগছ ব্যৱসায়ী দুটাক আটক কৰে । জব্দকৃত টেবলেটসমূহৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ'ব বুলি অনুমান কৰা গৈছে । নিষিদ্ধ টেবলেটসমূহ গোপন পথেৰে নাগালেণ্ডলৈ সৰবৰাহৰ বাবে দুই ব্যৱসায়ীয়ে মজুত কৰি ৰাখিছিল ।

গোলাঘাট আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী

উল্লেখযোগ্য যে, শেহতীয়াকৈ নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত ড্ৰাগছৰ ব্যাপক পয়োভৰ ঘটিছে । আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা স্বত্তেও দৈনিক একাংশ ড্ৰাগছ মাফিয়াই বিনাদ্বিধাই নাগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছে ।

লগতে পঢ়ক : নলবাৰীত সুলভ মূল্যৰ দোকানীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details