অসম

assam

ETV Bharat / crime

জামুগুৰিহাটত এটিএম ভাঙি লুটি নিলে লক্ষাধিক টকা - জামুগুৰিহাট

জামুগুৰি থানাৰ অন্তৰ্গত কুসুমটোলাত ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম ভাঙি লুটি নিলে লক্ষাধিক টকা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Thieves dismantle SBI ATM  At Sotia
জামুগুৰিহাটত এটিএম ভাঙি লুটি নিলে লক্ষাধিক টকা

By

Published : Apr 25, 2021, 10:03 PM IST

চতিয়া, 25এপ্ৰিল :শোণিতপুৰ জিলাৰ জামুগুৰি থানাৰ অন্তৰ্গত কুসুমটোলাত শনিবাৰে নিশা সংঘটিত হৈছে এটা এটিএম চুৰি কাণ্ড ৷ কুসুমটোলাস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমৰ ছাটাৰ কাটি দুষ্কৃতিকাৰীয়ে কেইবা লক্ষাধিক টকা লুটি নিয়ে ৷

ইফালে এটিএমটো চোৱাচিতাৰ দায়িত্বত থকা কৰ্মচাৰী গৰাকীয়ে দেওবাৰে পুৱা সাত বজাত এটিএম গৃহটোৰ ছাটাৰ খুলিবলৈ আহি ছাটাৰখন খোলা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে কৰ্মচাৰীগৰাকীয়ে উক্ত ঘটনাটো স্থানীয় ৰাইজৰ লগতে আৰক্ষীক অৱগত কৰে।

জামুগুৰিহাটত এটিএম ভাঙি লুটি নিলে লক্ষাধিক টকা

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও বৰ্তমানলৈ কোনো দুষ্কৃতিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক- সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

ABOUT THE AUTHOR

...view details