অসম

assam

By

Published : Jan 20, 2021, 3:41 PM IST

ETV Bharat / crime

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু ৷ ন্যায় বিচাৰি পৰিয়াল সহিতে শতাধিক লোকৰ আৰক্ষী থানা ঘেৰাও ৷ এই ৰহস্যজনক মৃত্যুক হত্যাৰ সন্দেহ আৰু শীঘ্ৰে ইয়াৰ তদন্তৰে দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জনাইছে পৰিয়ালে ৷

suspended-murder-at-nagaon
নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

নগাঁও, 20 জানুৱাৰী : নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু । হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ । ন্যায় বিচাৰি আৰক্ষী থানাত শতাধিক লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

ঘটনাৰ বিৱৰণ অনুসৰি, মঙলবাৰে বিয়লি নগাঁৱৰ ছলচলি দলঙৰ সমীপতে থকা এখন চেলুনৰ স্বত্বাধিকাৰীৰ ভাতৃ আনন্দ মোহন ঠাকুৰে চেলুনৰ সন্মুখতেই এজন পান দোকানীৰ সৈতে কথা পাতি থকা সময়তে হঠাৎ ঢলি পৰে । পৰৱৰ্তী সময়ত আনন্দ মোহনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

ইফালে, যুৱকজনৰ মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে । আনন্দ মোহন ঠাকুৰক পান দোকানীজনে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । আনহাতে, যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি বুধবাৰে শতাধিক লোক উপস্থিত হয় হয়বৰগাঁও আৰক্ষী চকীত । ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তিৰ দাবী উত্থাপন কৰে স্থানীয় লোকে ।

লগতে পঢ়ক :অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক জয়েৰে বিজয়ধ্বজা উৰুৱালে ভাৰতে

ABOUT THE AUTHOR

...view details