সৰুপথাৰ, 23 জুন :ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাভজান গাঁৱত আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে নিশা ড্ৰাগছসহ আটক কৰে ৪ জন যুৱকক ৷
ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া যোচেফ কেভমৰ নেতৃতত চলোৱা হৈছিল এই অভিযান ৷ আটকাধীন যুৱক কেইজনৰ তিনিজন ক্ৰমে চুনু শইকীয়া, শ্বাহিল আলী, ৰচিদ আলী বুলি জানিব পৰা গৈছে ৷ তিনিজনৰে ঘৰ বৰপথাৰত ৷ অন্যহাতে ৰাজু বেনাৰ্জী নামৰ বোকাজানৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে ।