মৰাণ,15 জুন: ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী(Assam Police)এ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকসকল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷
সমান্তৰালভাৱে ভাং আৰু ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়েও অভিযান অব্যাহত ৰাখিছে । আৰক্ষীৰ অভিযান চলাই মঙলবাৰে দুলীয়াজানৰ ৰে'লৱে ষ্টেচনৰ সমীপত দীৰ্ঘদিন ধৰি ভাঙৰ ব্যৱসায় চলাই অহা এটা ভাঙৰ ঘাটি উচ্ছেদ কৰে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে ঘাটিটোৰ পৰা বুজন পৰিমাণৰ ভাঙ জব্দ কৰাৰ লগতে বহুতো আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে ভাঙৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা দুজন সৰবৰাহকাৰীক ঘটনাস্থলীৰ পৰা আটক কৰে আৰক্ষীয়ে । ধৃত ব্যক্তি দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে দুলীয়াজান আৰক্ষী থানাত ২৬২/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে ।