ৰঙিয়া, 3 ফেব্ৰুৱাৰী :ৰঙিয়াত মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি জলসম্পদ বিভাগৰ ৷ নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰি বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
অভিযোগ অনুসৰি, কামৰূপ-নলবাৰী সীমান্তৰ দোদেতিয়া আৰু বুৰবুৰীৰ নোনা নৈৰ মথাউৰি মেৰামতিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । মথাউৰিটোৰ নিৰ্মাণ 6 মিটাৰ বহল আৰু পূৰ্বৰ মথাউৰিতকৈ 1 মিটাৰ ওখ কৈ নিৰ্মাণ কৰিব লাগে । কিন্তু ঠিকাদাৰে নিজ ময়মতালিৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণৰ কাম কৰিছে । আনকি, মথাউৰিটোৰ দুয়োপাৰে থকা গছ-গছনিসমূহ এফালৰ পৰা কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে, মথাউৰি নিৰ্মাণ কৰোতে গছৰ গুৰি অথবা হাবি-জংঘলবোৰ পৰিস্কাৰ নকৰাকৈয়ে নীতি বৰ্হিভূতভাৱে মথাউৰি নিৰ্মাণ কৰা হৈছে ।