যোৰহাট, 14 নবেম্বৰ :যোৰহাট চহৰৰ কচুৰীগলিত সংঘটিত হোৱা এক মাৰ পিটৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । " নীলকণ্ঠ ষ্টৰ " নামৰ এখন দোকানত সংঘটিত হয় এই ঘটনা । "নীলকণ্ঠ ষ্টৰ"ৰ কৰ্মচাৰীক সম্মুখতে থকা আন এখন দোকানৰ স্বত্বাধিকাৰী জনৈক গুপ্তা নামৰ লোকজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । গ্ৰাহকৰ সন্মুখতেই এনে ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰিছে ভুক্তভোগীয়ে ।
ফটকা, ফুলজাৰী চুৰি কৰাৰ দোষ জাপি দি ব্যক্তিগৰাকীয়ে এনে কাৰ্য কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । কেৱল ইমানেই নহয় অভিযোগ মতে, আক্ৰমণকাৰী লোকজনে 'নীলকণ্ঠ ষ্টৰ'ৰ স্বত্বাধিকাৰী জনকো প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰ ভাবুকিও দিছে । এই সমগ্ৰ ঘটনা বন্দী হৈছে চি চি কেমেৰাত । ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে দোকানখনৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীজনে ।